Breaking

গুৱাহাটীৰ প্ৰদূষণ পানী ছটিয়াই নিয়ন্ত্ৰণ কৰা হ’ব…

0 176

বায়ু প্ৰদূষণেৰে দেশৰ ভিতৰতে অন্যতম প্ৰদূষিত ৰাজ্য হিচাপে স্থান লাভ কৰিছে অসমে। একেলগে ৮ খনকৈ ফ্লাই অভাৰ নিৰ্মাণ, নলা নৰ্দমা পৰিস্কাৰ, জলজীৱন আঁচনিৰ বাবে গাঁত খন্দা, বৰ বৰ অট্টালিকা নিৰ্মাণ আদিয়ে গুৱাহাটীৰ বায়ু জলজীৱনৰ বাবে অনুপযোগী কৰি তুলিছে।

বিগত চাৰি পাঁচ মাহ ধৰি বৰষুণৰ এটা টোপালো পৰা নাই গুৱাহাটীত। ধূলিৰ প্ৰতাপত গুৱাহাটীত বৰ্তমান ঘৰৰ বাহিৰত ওলাই উশাহ ল’ব নোৱাৰা অৱস্থা। জনস্বাস্থ্যৰ প্ৰতি নামি আহিছে সাংঘাতিক ভাবুকি। বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে গুৱাহাটীৰ সাধাৰণ নাগৰিক।

ফায়াৰ বিগ্ৰেডেৰেও পানী ছটিওৱা হ’ব গুৱাহাটীৰ ৰাজপথত। আনকি নতুনকৈ পানীৰ স্পেয়াৰ গাড়ী কিনিবৰ বাবে চৰকাৰে ধাৰ্য কৰিছে ১৮ কোটি টকা। মেয়ৰ মৃগেন শৰণীয়াই লগতে গুৱাহাটী আৰু গুৱাহাটীৰ আশে পাশে থকা অঞ্চল সমূহৰ পাহাৰ খননত তীক্ষ্ণ নজৰ ৰখা হ’ব বুলিও মন্তব্য কৰিছে।

Leave A Reply