অসম প্ৰদেশ কিষাণ মৰ্চাৰ উদ্যোগত আৰু বজালী জিলা কিষাণ মৰ্চাৰ সহযোগত অাজি ভৱানীপুৰ সত্ৰৰ পুখুৰী পৰিস্কৰণ কৰা হয়। কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰে এই পৰিস্কৰণ কাৰ্যসূচীটো শুভাৰম্ভ কৰে। সত্ৰৰ পুখুৰীটো পৰিস্কৰণ কৰা কাৰ্যসূচীত সম্পাদিকাগৰাকীক সংগ দিয়ে কিষাণ মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে অনুৰাগ চলিহা, হৰদ্বীপ চৌধুৰী, প্ৰিয়ংকা কলিতা, দিনেশ দাস, কিষাণ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ খনিন্দ্ৰ কলিতা, কিষাণ মৰ্চাৰ বজালী জিলা সভাপতি গণেশ কলিতা আদিয়ে। কিষান মৰ্চাৰ এনে পদক্ষেপক স্থানীয় সচেতন মহলে ভূঁয়সী প্ৰশংসা কৰে।

