Pope Francis: ৮৮ বছৰ বয়সত প’প ফ্ৰান্সিছৰ দেহাৱসান, পৰৱৰ্তী প’প কোন হ’ব?

৮৮ বছৰ বয়সত দেহাৱসান প’প ফ্ৰান্সিছৰ। নিউমোনিয়াৰ ডাবল এটেকৰ আক্ৰান্ত হৈছিল প’প ফ্ৰান্সিছৰ। ৰোমান কেথলিক গীৰ্জাৰ প্ৰথম লেটিন আমেৰিকান প’প পোপ ফ্ৰান্সিছৰ মৃত্যু। বহু দিন তেওঁ অসুস্থ হৈ আছিল। (Pope Francis)খ্ৰীষ্টানসকলৰ ভিতৰত তেওঁ আছিল সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু। প’প ফ্ৰান্সিছৰ মৃত্যুৰ পিছত এতিয়া নতুন পোপ নিৰ্বাচিত হ’ব। নতুন প’প নিৰ্বাচনৰ প্ৰক্ৰিয়াটো যথেষ্ট জটিল আৰু গোপন। প’প কেনেকৈ নিৰ্বাচিত হয় জানো আহক?

কেথলিক পৰম্পৰা অনুসৰি প’প নিৰ্বাচনৰ বাবে পোপৰ কনক্লেভ অনুষ্ঠিত হয়। এই কনক্লেভৰ জৰিয়তে কাৰ্ডিনেলসকলে নতুন প’প নিৰ্বাচন কৰে। কাৰ্ডিনেলসকল হৈছে কেথলিক গীৰ্জাৰ সৰ্বোচ্চ পদবীৰ ধৰ্মগুৰু। প’পে ব্যক্তিগতভাৱে নিৰ্বাচিত কৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিচপ আৰু ভেটিকানৰ বিষয়াসকলে গঠিত। এই কাৰ্ডিনেলসকলে নতুন প’প নিৰ্বাচনৰ বাবে কেইবাখনো বৈঠক অনুষ্ঠিত কৰে। এই কাৰ্ডিনেলসকলৰ ভিতৰত ৮০ বছৰৰ তলৰ যিসকল কাৰ্ডিনেলৰ ভোটাধিকাৰ আছে।

প’পৰ বাবে ভোটদান আৰু নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো অতি গোপনভাৱে কৰা হয়। প’প নিৰ্বাচিত নোহোৱালৈকে কাৰ্ডিনেলসকলক বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে। কাৰ্ডিনেলসকলে গোপন বেলটৰ দ্বাৰা ভোট দিয়ে। প্ৰতিদিনে চাৰিটা ৰাউণ্ডৰ বাবে ভোটদান কৰা হয় আৰু এজন প্ৰাৰ্থীয়ে দুই তৃতীয়াংশ ভোট নোপোৱালৈকে চলি থাকে।

প’প নিৰ্বাচিত হ’লে বেলটবোৰ বিশেষ ৰাসায়নিক পদাৰ্থৰে চৌকাত জ্বলাই দিয়া হয় যাতে ধোঁৱাৰ ৰং সলনি হয়। এই ধোঁৱাৰ ৰংটো দেখিহে বাহিৰৰ মানুহে গম পায় যে নতুন প’প নিৰ্বাচিত হৈছে।

Related Articles