পোপ ফ্ৰান্সিছৰ দেহাৱসান: বিশ্ব খ্ৰীষ্টান সমাজত শোকৰ ছাঁ ।POPE FRANCIS NO MORE

ৰোম, ২১ এপ্ৰিল – POPE FRANCIS NO MORE .ৰোমান কেথলিক গীৰ্জাৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ ইষ্টাৰ সোমবাৰে দেহাৱসান ঘটিছে। ভেটিকানৰ এক ঘোষণামতে, ৮৮ বছৰ বয়সত পোপে ৰোমৰ ছাণ্টা মাৰ্টা বাসগৃহত পুৱা ৭.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

কাৰ্ডিনেল কেভিন ফাৰেলে এপষ্টোলিক চেম্বাৰত ঘোষণাৰ সময়ত কয়, “আমাৰ পবিত্ৰ ফাদাৰ ফ্ৰান্সিছ আজি পুৱা ভগৱানৰ ঘৰলৈ গ’ল। তেওঁৰ জীৱনটো সদায় প্ৰভু আৰু গীৰ্জাৰ সেৱাত উৎসৰ্গিত আছিল।” তেওঁ আৰু কয়, “বিশেষকৈ দৰিদ্ৰ আৰু উপেক্ষিতসকলৰ বাবে তেওঁৰ হৃদয় সদায় মুকলি আছিল।”

মৃত্যুৰ পূৰ্বে, দেওবাৰ দিনা পোপে ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ পৰা ‘উৰ্বি এট অৰ্বি’ আশীৰ্বাদ আগবঢ়াইছিল, যি কেৱল পোপে আগবঢ়াব পাৰে। এই বাৰ্তাত তেওঁ বিশ্বজনীন শান্তি, নিৰস্ত্রীকৰণ আৰু বন্দীসকলৰ মুক্তিৰ আহ্বান জনাইছিল।

পোপ ফ্ৰান্সিছ ছাৰ সপ্তাহ ধৰি ৰোমৰ জেমেলি চিকিৎসালয়ত চিকিৎসাধীন আছিল। তেওঁ দুবাৰ নিউমোনিয়াত আক্ৰান্ত হৈছিল। মৃত্যুৰ আগৰ দিনটোলৈও তেওঁ ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

১৯৩৬ চনত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত জন্ম গ্ৰহণ কৰা পোপ ফ্ৰান্সিছ (জৰ্জ মাৰিঅ বাৰ্গোগ্লিঅ’) ২০১৩ চনৰ ১৩ মাৰ্চত পোপ হিচাপে নিৰ্বাচিত হৈছিল। ইউৰোপৰ বাহিৰৰ পৰা অহা প্ৰথমগৰাকী পোপ হিচাপে ইতিহাস সৃষ্টি কৰা ফ্ৰান্সিছে ছেইণ্ট ফ্ৰান্সিছ অব এছিছিৰ নাম অনুসৰণ কৰি নিজৰ নাম ৰাখিছিল।

পোপৰ মৃত্যুত বিশ্বজুৰি খ্ৰীষ্টান সমাজত গভীৰ শোকৰ ছাঁ পৰিছে। ভেটিকানত চৈধ্যদিনীয়া চৰকাৰী শোক ঘোষণা কৰা হৈছে। শোককালৰ অন্তত, কেথলিক গীৰ্জাৰ পৰম্পৰা অনুসৰি, নতুন পোপ নিৰ্বাচনৰ বাবে কাৰ্ডিনেলসকলৰ কনক্লেভ অনুষ্ঠিত হ’ব।

Related Articles