Breaking

জাগীৰোডত সুৰেশ বৰাৰ হৈ প্ৰচাৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ…

0 17

” ৰাইজৰ উপস্থিতিয়ে কয় বিজেপিৰ জয় নিশ্চিত “

জাগীৰোডত সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিনেত্ৰী আইমী বৰুৱাৰ

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। আজি নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ কেইবাখনো নির্বাচনী সভাত প্ৰচাৰ চলাই জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ সহধৰ্মিনী আইমী বৰুৱাই।

প্ৰতিখন নিৰ্বাচনী সভাত উপস্থিত থাকি আইমী বৰুৱায়ো ৰাইজক উদ্দেশ্যি কয় — জাগীৰোড সমষ্টিৰ প্ৰতিগৰাকী জনগণ আমাৰ পৰিয়ালৰ সদস্য।সুখে -দুখে এওঁলোকৰ ওচৰত থাকিবলৈ আমি যত্ন কৰোঁ । সভালৈ ৰাইজ ওলাই অহাটোৱেই বিজেপিৰ জয় নিশ্চিত কৰে।

তদুপৰি তেওঁ দেশৰ উন্নয়ণৰ অবিৰত যাত্ৰা যাতে স্থবিৰ নহয় তাৰ বাবে সুৰেশ বৰাক ভোট দিবলৈ ৰাইজক আহ্বান জনায় । আনহাতে বহা-বৰজাৰী, জাগী-ভকতগাঁ‌ও, ঘগুৱা, গড়মাৰী, এজাৰবাৰী, মাণিপুৰ, দীঘলবড়ী পঞ্চায়তত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী গৰাকীক সংগ দিয়ে বিজেপিৰ জাগী-ভকতগাঁ‌ও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ, মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকা ,দেৱাশীষ বৰুৱা, প্ৰভাৰী দিব্যজ্যোতি মেধিই ।

Leave A Reply