জনপ্ৰিয় গায়ক চনু নিগমে বানপানীৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 5 লাখ টকা আগবঢ়াই

গায়ক চনু নিগমে অসম বানপানীৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 5 লাখ দান কৰে।অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ গায়ক চনু নিগমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ₹৫ লাখ টকা দান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰে।


“অসমৰ বানপীড়িত লোকসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি প্ৰখ্যাত গায়ক শ্ৰী চনু নিগমে আমাৰ সাহায্য আৰু পুনৰ্সংস্থাপনব্যৱস্থাত সহায় হিচাপে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ অৰিহণা যোগাইছে। তেওঁৰ চিন্তা আৰু উপকাৰৰ বাবে তেওঁৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা,” মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰে।ইয়াৰ পূৰ্বে, টি-চিৰিজৰ এমডি ভূষণ কুমাৰেও মুখ্যমন্ত্ৰীৰ পুঁজিলৈ 11 লাখ দান কৰিছিল আৰু বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীয়ে 5 লাখ বৰঙণি আগবঢ়াইছিল।

Related Articles