Breaking

দূৰদৰ্শনৰ জনপ্ৰিয় নিউজ এংকৰৰ দেহাৱসান…

0 25

সংবাদ জগতলৈ পুনৰ দুঃখবৰ। দূৰদৰ্শনৰ জনপ্ৰিয় নিউজ এংকৰ মৃত্যু। শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেলেগু ভাষাৰ প্ৰথমগৰাকী নিউজ এংকৰ শান্তি স্বৰূপে।

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল শান্তি স্বৰূপ। যি সময়ত কোনো টেলিপ্ৰম্প্টাৰ ব্যৱহাৰ কৰা হোৱা নাছিল, সেই সময়ত তেওঁ আছিল এজন নিউজ এংকৰ হিচাপে বহু খ্যাতি অৰ্জন কৰিছিল শান্তি স্বৰূপে।

১৯৮৩ চনৰ ১৪ নৱেম্বৰত দূৰদৰ্শনত প্ৰথম তেলেগু নিউজ বুলেটিন সম্প্ৰচাৰ কৰা হয় সেই সম্প্ৰচাৰৰ প্ৰথম উপস্থাপক আছিল শান্তি স্বৰূপ। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply