Breaking

গুৰুতৰ ৰোগত আক্ৰান্ত বিশ্বৰ জনপ্ৰিয় গায়ক পপ তাৰকা জাষ্টিন বিবাৰ

0 203

গুৰুতৰ ৰোগত আক্ৰান্ত বিশ্বৰ জনপ্ৰিয় গায়ক পপ তাৰকা জাষ্টিন বিবাৰ।গায়ক গৰাকীৰ চেহেৰাৰ এটা অংশ সম্পূৰ্ণ ৰূপে বিকল।গুৰুতৰ ৰোগত আক্ৰান্ত বিশ্বৰ জনপ্ৰিয় গায়ক পপ তাৰকা জাষ্টিন বিবাৰ।হলীউডৰ গায়ক গৰাকীৰ চেহেৰাৰ এটা অংশ সম্পূৰ্ণ ৰূপে বিকল হৈ পৰিছে।

জাষ্টিনে তেখেতৰ পৰৱৰ্তী কনচাৰ্ট শ্বো সমূহ বাতিল কৰা বুলি সদৰি কৰে।এটা ভিডিঅ শ্বেয়াৰ কৰি গায়ক গৰাকীয়ে নিজৰ বেমাৰৰ বিষয়ে সদৰি কৰে।

জাষ্টিন বিবাৰে শুক্ৰবাৰে ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল যে,তেওঁ ৰামছে হান্ট চিণ্ড্ৰোমত আক্ৰান্ত হৈছে আৰু যাৰ বাবে তেওঁৰ মুখৰ সোঁফালটো পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে।জাষ্টিনে অনুৰাগীসকলক এইটোও দেখুৱাইছিল যে চিণ্ড্ৰোমৰ কাৰণে তেওঁ সোঁফালে চকু টিপিব বা হাঁহিব নোৱাৰে।তেওঁ এইটোও কৈছিল যে এই কাৰণে তেওঁ ন্যায় বিশ্ব ভ্ৰমণস্থগিত কৰিব লগা হৈছিল।ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত জাষ্টিনক কোৱা দেখা যায়, “মোৰ ৰামছে হান্ট চিণ্ড্ৰোম নামৰ এই লক্ষণটো আছে আৰু এই ভাইৰাছৰ পৰাই মোৰ কাণৰ স্নায়ু আৰু মোৰ মুখৰ স্নায়ুআক্ৰমণ কৰে আৰু মোৰ মুখমণ্ডলত পক্ষাঘাত হৈছে।

“উল্লেখযোগ্য যে, গায়ক গৰাকীয়ে সদৰি কৰা অনুসৰি, এই ৰোগৰ বাবে গায়ক গৰাকীৰ চেহেৰাৰ এটা অংশ বিকল তথা পেৰালাইছিছ হৈ পৰিছে।তেওঁ মুখমণ্ডলৰ ব্যায়াম কৰি আছে।এক ভাইৰাছৰ দ্বাৰা এই ৰোগ বিধ হোৱা বুলি জানিবলৈ দিয়ে জাষ্টিনে। এই ভাইৰাছে শৰীৰৰ সিৰা সমূহত আক্ৰমণ কৰা বুলি কয়, যাৰ বাবেই চেহেৰাৰ আধা অংশ পেৰালাইছিছ হৈ পৰে।

Leave A Reply