Breaking

জনসংখ্যা বৃদ্ধিৰ সমস্যা নোহোৱা হ’ব পৃথিৱীৰ পৰা

0 280

বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ বাবে জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্য৷ কেৱল উন্নয়নশীল দেশতে নহয় উন্নত দেশবিলাকতো জনসংখ্যা বৃদ্ধিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ নিৱনুৱা সংখ্যা বৃদ্ধি, দৰিদ্ৰতা আদি সমস্যা কেৱল জনসংখ্যা বৃদ্ধিয়েই মূল কাৰণ৷ জনসংখ্যা বৃদ্ধিৰে জৰ্জৰিত দেশসমূহলৈ আহিছে এক সু-খবৰ৷

অহা শতিকাত হয়তো ব্যাপক ৰূপত হ্ৰাস পাব পাৰে বিশ্বৰ জনসংখ্যা৷ শেহতীয়া এক গৱেষনাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা ৭.৮ বিলিয়ন৷ বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি, ২০৬৪ বৰ্ষত পৃথিৱীৰ মুঠ বাসিন্দাৰ সংখ্যা ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব আৰু জনসংখ্যা বৃদ্ধিৰ এই সংখ্যাটোৱে হ’ব সবাটোকৈ শীৰ্ষ পৰ্যায়ৰ৷ পৰৱৰ্তী সময়ত জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিব আৰু অহা শতিকা অৰ্থাৎ ২১০০ শতিকাত বিশ্বৰ জনসংখ্যা ৮.৭৯ বিলিয়নলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷


‘দ্য লেনচেট’ত এই বিশেষ তথ্য প্ৰকাশ পাইছে৷ জনসংখ্যা ৫০ শতাংশলৈকে হ্ৰাস হ’ব পৰা দেশকেইখন হৈছে জাপান, থাইলেণ্ড, ইটালী স্পেইন, পৰ্তুগাল, দক্ষিণ কোৰিয়া৷ এই দেশসমূহৰ নাগৰিকসকল জন্ম নিয়ন্ত্ৰণক লৈ সচেতন হোৱাৰ বাবে জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে আৰু তাত বৃদ্ধ নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে৷

বিশ্বৰ সবাটোকৈ জনবহুল দেশ চীনৰ জনসংখ্যা ২১০০ শতিকাত হ্ৰাস পাই ৭৩ কোটি ২০ লাখ হ’বগৈ বুলি গৱেষকসকলে ধাৰণা কৰিছে৷ এই প্ৰতিবেদনত ২১০০ শতিকাত ভাৰততো জনসংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ ভাৰতত ১০৯ কোটিলৈ জনসংখ্যা হ্ৰাস পাব৷ এই প্ৰতিবেদনত উত্তৰ আফ্ৰিকা, পশ্চিম এছিয়া আৰু ছাহাৰা মৰুভূমিৰ দেশসমূহত ২১০০ শতিকাত জনসংখ্যা বৃদ্ধি পাব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷

Leave A Reply