ডিজিটেল ডেস্ক: Pork thrown at mosque in Assam’s Guwahati । গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ঈদগাহ মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সদ্য গো-মাংস বিতর্কত উত্তপ্ত পৰিস্থিতিৰ মাজতে শনিবাৰে নিশা মছজিদৰ চৌহদত কোনো দুৰ্বৃত্তই গাহৰিৰ মাংসৰ টোপোলা পেলাই থৈ যোৱা ঘটনা সংঘটিত হয়।

এই ঘটনাৰ তদন্তত নামি দিছপুৰ আৰক্ষীয়ে বৰপেটাৰ পৰা মৃদুপৱন পাঠক নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰাৰ পাছত জেৰাৰ সময়ছোৱাত মৃদুপৱনে মছজিদত গাহৰি মাংস পেলোৱাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনায়।
আৰক্ষীয়ে মৃদুপৱনৰ বিৰুদ্ধে গোচৰ নম্বৰ ৫৬৮/২৫, ধাৰা ১৯৬(২) BNS অনুযায়ী কাৰ্যসূচী আৰম্ভ কৰিছে। অভিযুক্ত মৃদুপৱন পাঠক বৰপেটাৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
এই ঘটনা সম্পৰ্কে অধিক তদন্ত চলি আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।