Breaking

দৰিদ্ৰতাই দেশৰ প্ৰগতিত বাধা দিছেঃ শিক্ষামন্ত্ৰী ডাঃ পেগু…

0 40

দেশৰ জনগণৰ দৰিদ্ৰতাই দেশৰ প্ৰগতিত বোজা হৈ পৰিছে ৷  আমাৰ দেশৰ আন্তঃগাঁথনিৰ নিৰ্মাণ প্ৰায় শেষ হৈ আহিছে ৷ কিন্তু দেশৰ জনসাধাৰণৰ মাজত বহু  দৰিদ্ৰতা থাকি গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাশুধীয়া প্ৰচেষ্টাত দেশৰ দৰিদ্ৰতাৰ বিৰুদ্ধে অহৰহ যুঁঁজ দি আহিছে আৰু ক্ৰমান্বয়ে দেশৰ জনসাধাৰণৰ মাজৰ পৰা দৰিদ্ৰতা শব্দটো হেৰাই গৈছে ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ আজি ধেমাজি জিলাৰ গোগামুখস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্মিলিত গণশক্তি অসমৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত তেওঁ এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়-দেশে স্বাধীনতা লাভৰ পাছৰে পৰা দেশৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা চৰকাৰসমূহেও দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন প্ৰকাৰে যুঁজ দি আহিছে  ৷ কংগ্ৰেছ চৰকাৰেও দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি লৈছিল ৷ কিন্তু আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ৰূপত দেশৰ দৰিদ্ৰতা নিৰ্মূলত সফলতা লাভ কৰিছে ই অতুলনীয় ৷ আই ভি এছ, অৰুনোদয়,  কিষান কাৰ্ড, ৰেচন কাৰ্ড বিতৰণ, অটল অমৃত যোজনা, চৰকাৰী জীৱন বীমা আঁচনিয়ে দেশৰ দৰিদ্ৰতা নিৰ্মূলত সফল হৈছে ৷  পূৰ্বে আমাৰ গাঁওসমূহত মগনীয়া বা ভিক্ষাৰী ব্যাপক হাৰত আছিল ৷

কিন্তু আজিকালি গাঁৱত এগৰাকীও ভিক্ষাৰী বিচাৰি নাপাব ৷ দিনৰ ভাতসাজ যোগাৰ দিব নোৱাৰি বহু  পিতৃ-মাতৃয়ে নিজৰ মৰমৰ সন্তানক আনৰ ঘৰত বিনা টকাত বা কম টকাত কাম কৰিবলৈ ৰাখিছিল ৷ কিন্তু এতিয়া এনে দৃশ্য দূৰ্লভ হৈছে ৷ আমাৰ আঁচনিসমূহে নাৰী শিক্ষা সম্প্ৰসাৰণ আৰু নাৰীৰ উত্তৰণত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিছে ৷ সকলো শ্ৰেণীৰ জনগণৰ জীৱন ধাৰণৰ মাপকাটি উন্নত কৰিছে ৷  বিৰোধী দলসমূহে আমাৰ বিজেপি নেতৃত্বাধীন সন্মিলিত চৰকাৰখনক হিতাধিকাৰীৰ চৰকাৰ বুলি সমালোচনা কৰি আহিছে ৷ কিন্তু চৰকাৰখনে লোৱা আঁচনিসমূহ দেশৰ দৰিদ্ৰতা নিৰ্মূলত সহায় কৰিছে তাক ভাৱি চোৱা নাই ৷ অসমৰ আন্তঃগাঁথনি নিৰ্মাণ সন্দৰ্ভত তেওঁ কয়- আমি দেশৰ প্ৰগতিৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা  তৰান্বিত কৰি তুলিছোঁ ৷ আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন পকী দলং নিৰ্মাণ হ’ল তাক হয়তো বহুতে নাজানে ৷ ঢলা-শদিয়া দলং, বগীবিল দলং নিৰ্মাণ হৈ গৈছে ৷ কলিয়া ভোমোৰাত নতনকৈ পুনৰ আন এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ কলিয়া ভোমোৰাত এতিয়া দুখন দলং হ’ল ৷ শৰাইঘাটত নতনকৈ পুনৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ যোৰহাট আৰু মাজুলীক সংযোগ কৰিবলগা ব্ৰহ্মপুত্ৰ  নদীৰ ওপৰত  যোৰহাট-মাজুলী সংযোগী দলংখন ২০২৫ বৰ্ষৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আশা আছে ৷  ব্ৰহ্মপুত্ৰ নদীৰ ওপৰট লখিমপুৰ-মাজুলী সংযোগী লুহিত-খাবলু দলঙৰ নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে ৷ মাজুলীৰ পৰা ডিব্ৰুগড়লৈ পোনপটীয়াকৈ অহা-যোৱা কৰিব পৰাকৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ মথাউৰিটো দুই লেনযুক্তকৈ নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ অসমত বৰ্তমান ১২ খন চিকিৎসা মহাবিদ্যালয় কাৰ্যকৰীভাৱে চলি আছে ৷ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে ৷ সমান্তৰালভাৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ো  অসমৰ প্ৰায়বোৰ জিলাত উপলব্ধ হ’ব ৷ ডাঃ পেগুৱে লগতে কয়- বিজেপি আৰু গণশক্তি দলৰ নীতি-আদৰ্শ আৰু শ্ল’গানবোৰ একেই ৷ দয়োটা ৰাজনৈতিক দলেই জনসাধাৰণৰ সমবিকাশ আৰু সমমৰ্যাদাত বিশ্বাস কৰে ৷  আগন্তুক দিনটো দুয়োটা ৰাজনৈতি দলে সন্মিলিতভাৱে আগবাঢ়িব বুলি তেওঁ ভাষণ প্ৰসংগত দোহাৰে ৷ সভাত উপস্থিত থাকি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই তেওঁৰ দিনত লখিমপুৰ লোকসভা সমষ্টিত ৰূপায়ণ কৰা এলানি উন্নয়নমুখী আঁচনিৰ খটিয়ান ডাঙি ধৰে ৷

তেওঁ কয়- আমি ৰূপায়ণ কৰা আঁচনিসমূহে আমাৰ চৰকাৰখনক জনসাধাৰণৰ ওচৰত অধিক সংপৃক্ত কৰিছে আৰু জনসাধাৰণে আগন্তুক দিনবোৰতো আমাৰ লগতে থাকিব ৷ তেওঁ চৰকাৰৰ উন্নয়নমুখী আঁচনিত সকলো ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় ৷ সভাখন সঞ্চালনা কৰে গণশক্তিৰ কেন্দ্ৰীয় সভাপতি পৰমান চায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে এম এম কেৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, উপসভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক ৰঞ্জিত দলে,  সম্পাদক ৰাজু খনিকৰ, সদস্য অতুল পেগু, এম এ চিৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে ৷ সভাখনত সহস্ৰাধিক গণশক্তিৰ কৰ্মী-সদস্য উপস্থিত থাকে ৷

Leave A Reply