Breaking

বাক্সাত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যবাহী সদস্য ঘনশ্যম দাসৰ

0 1,568

কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আজি বিটিচি প্ৰশাসনৰ কৃষি বিভাগে বাক্সা জিলাৰ মুছলপুৰত ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে আজি জিলাখনৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সভাত পাৱাৰ টিলাৰসমূহ বিতৰণ কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷ জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা অমল দত্তই আঁত ধৰা সভাখনত অংশ লৈ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় যে আগন্তুক সময়ত বিটিআৰ অঞ্চলৰ কৃষকসকলে যাতে বছৰত তিনিটা খেতি কৰিব স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে কৃষক সকলক বিটিচি চৰকাৰে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াবলৈ সদায় সাজু আছে ৷ ইয়াৰ অংশ হিচাপে আজি বাক্সা কৃষি সংমণ্ডলৰ অন্তৰ্গত বাক্সা আৰু ওডালগুৰি জিলাৰ কৃষক সকলৰ মাজত ৫২ খনকৈ পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ তেওঁ লগতে কয় যে বিটিআৰ অঞ্চলৰ কৃষক সকলে আজি মৰণা মৰা যন্ত্ৰ, ধান কঁটা যন্ত্ৰ আদিৰ অভাৱৰ বাবে কৃষকসকলে প্ৰয়োজনীয় ফচল উৎপাদনৰ পৰা বঞ্চিত হৈ আছে ৷ পূৰ্বৰ বিপিএফ চৰকাৰৰ শাসন কালত বিটিআৰ অঞ্চলৰ প্ৰকৃত কৃষক সকলে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ৷ কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত এনেধৰণৰ দুৰ্নীতিক এতিয়া প্ৰশ্ৰয় দিয়া নহব ৷ এতিয়া সেই সকল কৃষকৰ বাবে বৰ্তমানৰ বিটিচি চৰকাৰে বিটিআৰ অঞ্চলত কৃষি খণ্ডত নতুনকৈ কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ ওলাইছে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে এই বছৰৰ বাবে জিলাখনৰ কোকিলবাৰী কৃষি পামৰ কৃষিৰ উপযোগী ৩৬৩০ বিঘা মাটি লীজত দিয়া হৈছে  বুলিও মন্তব্য কৰে ৷ আনহাতে জিলাখনত এক দুষ্ট চক্ৰই চৰকাৰী বিভিন্ন সা-সুবিধা লাভ কৰিব বুলি প্ৰলোভন দি ভুৱা কিষাণ কাৰ্ডৰ নামত কৃষকসকলৰ পৰা ধন সংগ্ৰহ কৰি থকা কাৰ্যক কঠোৰ সকীয়নি দি তেনে দুষ্ট চক্ৰৰ পৰা দূৰৈত  থাকিবলৈ আহ্বান জনায় কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ আজিৰ পাৱাৰ টিলাৰ বিতৰণী অনুষ্ঠানত জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী, কৃষি মহকুমা বিষয়া দুলাল দাস, জ্যেষ্ঠ কৃষি বিষয়া মুনিন শৰ্মা, কনিষ্ঠ অভিযন্তা কৃষাণ পাটৰকে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply