Breaking

সু-স্বাস্থ্যৰ বাবে ৰাতিপুৱা‌ই অমিতা খোৱাৰ অভ্যাস কৰক…

0 65

অমিতাত ভালেকেইবিধ ভিটামিন থাকে। একেৰাহে ১৫ দিন ধৰি পকা অমিতা খাই থাকিলে আপোনাৰ চকুৰ কমি যোৱা দৃষ্টিশক্তি পুনৰ শক্তিশালী হৈ উঠে। চকু দুটাও পৰিষ্কাৰ হৈ উঠে।

আপোনাৰ যদি কোষ্ঠকাঠিন্য বা বদহজমৰ দোষ আছে, তেনেহ’লে প্ৰতিদিনে পাচলি ৰূপে কেঁচা অমিতা বা ফলস্বৰূপে পকা অমিতা খাবলৈ লওক।

অমিতাত কেবাপ্ৰকাৰৰো এনজাইম আৰু খাদ্য আঁহ থাকে। এইবিলাকে আপোনাৰ পাচন শক্তি বৃদ্ধি কৰিব আৰু পুৰণি কোষ্ঠবদ্ধতাও নিৰ্মূল কৰিব।

১৫ দিন একেৰাহে অমিতা খোৱাৰ পিছত আপোনাৰ পাচন তন্ত্ৰ পূৰ্বৰ দৰে শক্তিশালী হৈ উঠিব আৰু ভালদৰে কাম কৰিবলৈ ধৰিব।

যদি ঋতু পৰিৱৰ্তনৰ লগে লগে আপোনাৰ কিবা কিবি সৰু-সুৰা বেমাৰ হৈ থাকে, তেনেহ’লে আপুনি অমিতা খাবলৈ আৰম্ভ কৰক। কাৰণ অমিতাই আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব।

ফলত শৰীৰটো ভালেমান ৰোগৰ সংক্ৰমণৰ পৰা বাচি থাকিব। এতিয়া অমিতাৰ বতৰ আৰম্ভ হৈছে।

বজাৰত এতিয়া সতেজ কেঁচা আৰু পকা অমিতা বিচাৰিলেই পোৱা যায়। এতিয়া আপুনি ইচ্ছা কৰিলে প্ৰতিদিনে অমিতাৰ পাচলি আৰু পকা অমিতাও খাব পাৰে। বিজ্ঞানীসকলে অমিতাৰ ওপৰত অধ্যয়ন চলাই মুঠ ৭ টা উপকাৰ আৱিষ্কাৰ কৰিছে।

Leave A Reply