গুৱাহাটী(Pradip Baruah)চানমাৰিৰ নৱগিৰি পথৰ নিবাসী, বিশিষ্ট বর্ষীয়ান ব্যক্তি, প্রান্তিক আলোচনীৰ জন্মদাতা তথা সম্পাদক প্রদীপ বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্রকাশ কৰিছে।
অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্রধানসম্পাদক দেৱজিৎ বৰাই প্রদীপ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি এক শোক বার্তাত কয়- ‘বৰুৱাৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।
বিগত বছৰসমূহত তেখেতে কর্মৰ যোগেদি কেৱল প্রান্তিক আলোচনীখনকেই নহয়, সমগ্র অসমীয়া জাতি সত্ত্বাটোকেই শক্তিশালী কৰি ৰাখিছিল।’ কাকতলৈ প্রেৰণ কৰা শোক বার্তাটোত সভাপতি, উপসভাপতি আৰু প্রধানসম্পাদকে বৰুৱাৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবগলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

