প্ৰবীণ সাংবাদিক(Prafulla Govinda Baruah) তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান।
বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৪ বছৰ।
চিকিৎসাধীন অৱস্থাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে।
‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ পৰিচালন সঞ্চালক আছিল প্ৰয়াত সাংবাদিকগৰাকী।
প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ অসমৰ সংবাদ জগত।
প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

