বিশিষ্ট সাংবাদিক (prafulla govinda baruah) প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ। অসমৰ সংবাদ জগতৰ মহীৰূহ তথা ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে অসমৰ সংবাদ জগতৰ মহীৰূহ, বৰ্ষীয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা আজীৱন জাতীয়তাবাদী আছিল। সংবাদসেৱাৰ জৰিয়তে জাতীয় দায়িত্ব পালন কৰিছিল। তেখেতৰ মৃত্যুত অসমৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো।

