ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা প্ৰজ্ঞানৰ…

এক ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰোভাৰ প্ৰজ্ঞান। চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞান আগুৱাই গৈছিল এটা বৃহৎ গাঁতৰ দিশে। ৪ মিটাৰ ব্যাসাৰ্ধৰ গাতটোলৈ মাত্ৰ তিনি মিটাৰ দুৰত্ব থকাৰ সময়তেই বিক্ৰম লেণ্ডাৰৰ “কমাণ্ড” পাই দিশ সলনি কৰে প্ৰজ্ঞানে।

ফলত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে প্ৰজ্ঞান। সম্প্ৰতি সুন্দৰ ভাবে ৰোভাৰ প্ৰজ্ঞানে নিজৰ কাম কৰি থকা বুলি টুইট কৰি জানিবলৈ দিয়ে ইছৰোৰ কৰ্তৃপক্ষই। উল্লেখ্য যে ২৩ আগষ্টৰ পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ দক্ষিন মেৰুত অধ্যয়ন অব্যাহত ৰখাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ ছবি ইছৰোলৈ প্ৰেৰণ কৰি আছে।

Related Articles