Pramod Boro: কোকৰাঝাৰত বহুভাষিক শব্দপুথি উন্মোচন কৰিলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক কমপ্লেক্সত বহুভাষিক শব্দপুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।(Pramod Boro) এই অনন্য গ্ৰন্থখনত দৈনন্দিন জীৱনত ব্যৱহৃত ১০০০ টা অত্যাৱশ্যকীয় ইংৰাজী শব্দৰ অনুবাদ সমগ্ৰ অঞ্চলটোত কথিত নটা ভাষালৈ—বডো, ডিমাছা, সান্থাল, জেমে নাগা, মাৰ, কাৰ্বি, হিন্দী, অসমীয়া, আৰু বাংলালৈ অনুবাদ কৰা হৈছে।


বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উদ্যোগত আৰু বিটিচিৰ তথ্য তথা জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছে এই গ্ৰন্থখন। উক্ত উপলক্ষে ভাষণ দি প্ৰমোদ বড়োৱে কয় যে এই পদক্ষেপে বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীসমূহৰ মাজত যোগাযোগ, ঐক্য, আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাত সহায় কৰিভ। এইক্ষেত্ৰত গ্ৰন্থখনে যোগাযোগ, ঐক্য, আৰু পাৰস্পৰিক বুজাবুজিৰ বাবে বিটিচিৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে বহুভাষিক শব্দ পুথিখনে ষষ্ঠ অনুসূচী পৰিষদ — বিটিআৰ, কাৰ্বি আংলং, আৰু ডিমা হাছাওত বাস কৰা জনগোষ্ঠীসমূহক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰিব।তেওঁ লগতে ঘোষণা কৰে যে বিটিআৰ চৰকাৰৰ ভিজন ডকুমেণ্ট কাৰ্যসূচীৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত বহুভাষিক শব্দ পুথিখনৰ দ্বিতীয় খণ্ড প্ৰকাশ কৰা হ’ব।

এই আগন্তুক খণ্ডটোত অঞ্চলটোৰ বাকী থকা সকলো জনগোষ্ঠীক সামৰি লোৱা হ’ব।গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীত বিটিচি বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়ো, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ-চিইএম ৰোমিঅ’ পি নাৰ্জাৰী, কেইবাজনো এমচিএলএ, আৰু বিটিআৰৰ ২৬টা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়ৰ নেতাসকল উপস্থিত থাকে। এই বহুভাষি শব্দ পিথিখন সম্পাদনা কৰিছে বিটিচিৰ আইপিআৰডি জাহিদ আহমেদ তাপাদাৰে। উইংৰাজী শব্দৰ নিজ নিজ ভাষালৈ অনুবাদৰ কাম কৰিছে অন্থাওমুচাহাৰী (বড়ো), পূৰ্ণিমা হকমাওছা (ডিমাছা), ঝোংগোল মাৰ্ডি আৰু বিনয় কুমাৰ টুডু (সান্থালল), পৌৰামদুইংজেমে আৰু ৱাংগনেইকাম্বেজেমে (জেমে নগা), ড° অনন্ত কুমাৰ ৰাভা (ৰাভা), মোজাৰীৰোংঘী (কাৰবি), মুস্তাফা হুছেইন আনছাৰী (হিন্দী), আৰু শ্বাৱানা ৰহমান চৌধুৰী (অসমীয়া)।

Related Articles