Breaking

অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা। প্ৰধানমন্ত্ৰী মোদীলৈ নিমন্ত্ৰণী পত্ৰ…

0 62

অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা। ২০২৪ৰ ২২ জানুৱাৰীত ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’।প্ৰধানমন্ত্ৰী মোদীলৈ নিমন্ত্ৰণী পত্ৰ। বুধবাৰে (২৫ অক্টোবৰ) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জয় ছিয়াৰম! আজি আৱেগেৰে ভৰা দিন।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ ২০২৪ চনৰ ২২ জানুৱাৰী হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। অযোধ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ২০২০ চনৰ ৫ আগষ্টত ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগে লগে ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়।


Leave A Reply