চিআইডিৰ মুখ্য কাৰ্যালয়ত প্ৰনৱ দাস। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী…

আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰনব দাসক অনা হৈছে চিআইডিৰ মুখ্য কাৰ্যালয়লৈ। উল্লেখযোগ্য যে এই গৰাকী ব্যক্তিয়ে উক্ত নিশা খানাপাৰাৰ পৰা বোকাখাট অভিমুখে গৈ থকা অবস্থাত দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা বুলি দাবী কৰি সংবাদমাধ্যমত বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল। প্ৰনব দাসে বোকাখাট অভিমুখে গৈ থকা সময়ত জখলাবন্ধাত সংঘটিত দুৰ্ঘটনাথলীত এখন বাহন ৰৈ থকা প্ৰত্যক্ষ কৰিছিল। প্ৰনবৰ টোপনি অহা বাবে নিজৰ বাহন ৰখাই মুখ ধোৱা বুলি উল্লেখ কৰি সেই সময়ত দুজন ব্যক্তি গাড়ীখনৰ পৰা অহা যোৱা প্ৰত্যক্ষ কৰা বুলিও সদৰি কৰিছিল।

প্ৰনব দাসৰ ভাষ্যমতে এখন ট্ৰাকে বাহনখনক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ লগতে এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল। মুখমণ্ডল তেজেৰে লুতুৰি পুতুৰি হৈ থকা বুলি সদৰি কৰা প্ৰনব দাসক জেৰাৰ বাবে অনা হৈছে গুৱাহাটীৰ উলুবাৰীস্হিত চিআইডিৰ মুখ্য কাৰ্যালয়লৈ। উল্লেখযোগ্য যে প্ৰনব দাসে দুৰ্ঘটনাত পতিত মহিলা গৰাকীৰ মুখমণ্ডল তেজেৰে লুতুৰি পুতুৰি হৈ থকা বুলি উল্লেখ কৰাৰ বিপৰীতে জখলাবন্ধাৰ চিকিৎসকে মাত্ৰ কানেৰে তেজ নিগৰি থকা বুলি সদৰি কৰি জোনমনি ৰাভাৰ আভ্যন্তৰীণ আঘাত হোৱাৰ সন্দেহ কৰিছিল। উল্লেখযোগ্য যে জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ পিছত বিভিন্ন জনে একাধিক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ ইতিমধ্যে চিআইডিক দায়িত্ব অৰ্পণ কৰা হৈছে। চিআইডিৰ দলে ইতিমধ্যে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই নিছে।

Related Articles