সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’ উন্মোচন

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বালিপৰা শিক্ষাখণ্ড সমিতিৰ ব্যবস্থাপনাত প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’ কালি বিয়লি বালিপৰা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত উন্মোচন কৰা হয়। শিক্ষক বিশ্বজিৎ বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে চপালগা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অনুপম বৰাই। শিশুৰঞ্জন গগৈ আৰু ৰাজীৱ দাসে সম্পাদনা কৰা আলোচনীখন উন্মোচন কৰে বালিপৰা শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনিষ ঠাকুৰে। তেখেতে শিক্ষক সকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু অনাগত দিনসমূহতো শিক্ষক সকলৰ এনে সৃজনশীল প্ৰতিভা আশা কৰে বুলি নিজৰ ভাষনত উল্লেখ কৰে। সভাত উপস্থিত থাকি শিক্ষক সকলৰ প্ৰতি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে বিদ্যালয় পৰিদৰ্শক ৰঞ্জন দাস,খণ্ড সমল ব্যক্তি মনেশ্বৰ বড়ো আৰু অৰূপ বৰাই। সভাত অংশগ্ৰহণ কৰি সদৌ শোণিতপুৰ জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই প্ৰতিটো শিক্ষাখণ্ডৰ শিক্ষক সকলে এনে পদক্ষেপ হাতত লোৱা উচিত বুলি কয়। আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত থকা শিশুৰঞ্জন গগৈয়ে কয় যে মুখপত্ৰখনিৰ যোগেদি তেখেত সকলে শিক্ষক সকলৰ মাজত সাহিত্য চৰ্চাৰ এক প্ৰাথমিক প্ৰয়াস কৰিছে,আগলৈকো তেখেত সকলে এনে চৰ্চাৰ ধাৰা অব্যাহত ৰাখিব বুলি অৱগত কৰে।

Related Articles