যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীৰ মংগল কামনাৰে মন্দিৰত প্ৰাৰ্থনা

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীক লৈ সকলোৰে উদ্বিগ্নতাৰ অন্ত নাই ,আৱদ্ধ ছাত্ৰ-ছাত্ৰীৰ কুঁশল-মঙ্গল কামনাৰে মন্দিৰত প্ৰাৰ্থনা এখন গাঁ‌ৱৰ আয়তী সকলৰ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৃহত্তৰ নগৰবেৰা অঞ্চলৰো মুঠ পাঁচজনকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ক্ৰমে জাকাৰিয়া হুছেইন ,আৰিফ মাহফুছ চিদ্দিকি ,চাহিল আনোৱাৰ ,হাচানুল ইছলাম আৰু ফাৰুক আব্দুল্লা আজিকোপতি আৱদ্ধ হৈ আছে ইউক্ৰেইন’ৰ চুমি ইউনিভাৰ্চিটি’ত প্ৰবাসী ছাত্ৰ সকলৰ কুঁশল-মঙ্গলৰ লগতে নিৰাপদ গৃহ আগমনৰ কামনাৰে নগৰবেৰাৰ মন্দিৰে-মন্দিৰে সেৱা জনাইছে আয়তী সকলে নগৰবেৰা ৰাজহ চক্ৰৰ যোগীপাৰা গাঁৱৰ বিষ্ণু মন্দিৰত এইদৰে ইউক্ৰেইন আৱদ্ধ ছাত্ৰ সকলৰ কুঁশল কামনাৰে পুৱাই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনালে গাঁৱৰ আয়তী সকলে। নাম-কীৰ্তন ,প্ৰভু বন্দনাৰে আয়তী সৱে প্ৰাৰ্থনা কৰিছে , যাতে যুদ্ধ বিধ্বস্ত ইউক্ৰেইন’ত থকা প্ৰতিগৰাকী অসমীয়া তথা ভাৰতীয় ছাত্ৰ নিৰাপদে থাকে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও কাতৰ আহ্বান জনাইছে যথাসম্ভৱ কৰাৰ বাবে।

Related Articles