দেৱী প্ৰি-বাৰ্থডেঃ বলীউডৰ সুন্দৰী অভিনেত্ৰী বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ কন্যা দেৱীৰ বয়স ১২ নৱেম্বৰত এবছৰ সম্পূৰ্ণ হ’ব। কিন্তু এতিয়াৰ পৰা অভিনেত্ৰীগৰাকীয়ে জন্মদিন উদযাপন কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে দেৱীৰ জন্মদিনৰ পূৰ্বে উদযাপনৰ আভাস অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।আচলতে বিপাশা বসুৱে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত কন্যা দেৱীৰ জন্মদিনৰ পূৰ্বে উদযাপনৰ এটা সুন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত দেৱীক জন্মদিনৰ বিশেষ কেক কাটি থকা দেখা গৈছে।
কেক কাটি বিপাশা বসুৱে স্বামী কৰণ সিং গ্ৰ’ভাৰৰ সৈতে মালদ্বীপত উপস্থিত হৈ কন্যাৰ জন্মদিনক অধিক বিশেষ কৰি তুলিছে। এই তাৰকা দম্পতী বিবাহৰ ৬ বছৰৰ পিছত পিতৃ-মাতৃ হৈছে। এই কাৰণেই কৰণ আৰু বিপাশাই নিজৰ কন্যাৰ জন্মদিনটো অতি বিশেষ আৰু স্মৰণীয় কৰি তুলিব বিচাৰিছে।
২০১৬ চনত বিপাশা বসুৱে অভিনেতা কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ ৬ বছৰৰ পিছত অৰ্থাৎ ২০২২ চনৰ ১২ নৱেম্বৰত অভিনেত্ৰীগৰাকীয়ে দেৱীক জন্ম দিয়ে। বিয়াৰ পিছত বিপাশাই অভিনয়ৰ পৰা নিজকে আঁতৰাই ৰাখিছে। অৱশ্যে এইকেইদিন অভিনেত্ৰীগৰাকীয়ে নিজকে ফিট কৰি ৰাখি বলীউডলৈ ঘূৰি অহাৰ প্ৰস্তুতি চলাইছে।

