Breaking

এজন ধৰ্মগুৰুৱে পালে ৮হেজাৰ ৬৫৮ বছৰ কাৰাদণ্ডৰ শাস্তি। অপৰাধ: যৌন নিৰ্যাতন

0 79

যৌন নিৰ্যাতনৰ গোচৰত ৮ হাজাৰ ৬৫৮ বছৰ কাৰাবাসৰ শাস্তি লাভ কৰিলে ত্ৰুকীৰ ইস্তানবুলত বাস কৰা আদনান ওক্তাৰ নামৰ এগৰাকী মুছলিম ধৰ্মগুৰুৱে৷ এটা টিভিত ধৰ্মীয় শ্ব’ৰ আয়োজন কৰে ওক্তাৰে৷ তাত প্ৰতি মুহূৰ্ততে তেওঁক স্বল্পবসনা সুন্দৰীয়ে ঘেৰি থকা দেখা যায়৷ সুন্দৰীবিলাকক ওক্তাৰে ‘কিটেন’ তথা মেকুৰিপোৱালি বুলি সম্বোধন কৰে৷
আনহাতে, টিভি শ্ব’টোৰ জৰিয়তে মুছলিমৰ ৰক্ষণশীল শিক্ষা প্ৰদান কৰা হয়৷ গোড়া ইছলামিক মূল্যবোধৰ পাঠ দিয়াৰ সময়ত ধৰ্মগুৰুগৰাকীৰ চাৰিওফালে আধুনিক বেশত সুন্দৰীসকলে ঘেৰি থকা দেখা যায়৷
ইয়াৰ পূৰ্বেও ওক্তাৰে ২০২১ চনত ১ হাজাৰ ৭৫ বছৰৰ কাৰাবাসৰ শাস্তি লাভ কৰিছিল৷ এতিয়া তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ পুনৰ্বিচাৰত ৮ গুণ বেছি কাৰাবাসৰ ম্যাদ বৃদ্ধি পাইছে৷
৬৬ বৰ্ষীয় ওক্তাৰৰ বিৰুদ্ধে আছে যৌন আতিশয্য, নাবালিকা নিৰ্যাতন, প্ৰতাৰণাৰ দৰে ভয়ংকৰ অভিযোগ৷

Leave A Reply