Preeti Women’s Cricket Tournament: অসম আৰু নামিবিয়াৰ মাজত প্ৰীতি মহিলা ক্ৰিকেট প্ৰতিযোগিতা

অসম আৰু নামিবিয়াৰ মাজত প্ৰীতি মহিলা ক্ৰিকেট প্ৰতিযোগিতা।(Preeti Women’s Cricket Tournament)

অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ ক্ৰমে নামিবিয়া মহিলা ক্ৰিকেট দলটোৱে দুখন কৈ এদিনিয়া আৰু এখন T-20 ক্ৰিকেট খেলত ভাগ লয়।

প্ৰথমখন এদিনীয়া মঙ্গলদৈত অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতা খনৰ অন্তিমখন এদিনীয়া আৰু এখন T-20 খেল আজি উত্তৰ গুৱাহাটী ফুলুং স্থিত অসম ক্ৰিকেট সংস্থাৰ খেলপথাৰত অনুষ্ঠিত হয়।

দুয়োখন এদিনীয়া প্ৰতিযোগিতাত অসম দ’লে জয়লাভ কৰাৰ লগতে একমাত্ৰ T-20 খেলখনতো অসমৰ মহিলা দলটোৱে বৃহৎ জয়লাভ কৰে।

প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অসম দলটোৰ প্ৰতিভাৱান খেলুৱৈ গায়ত্ৰী গুৰুঙে।

বিজয়ী দলটোক ট্ৰফী প্ৰদান কৰে বি চি চি আইৰ সচিব দেৱজিৎ ল’ন শইকীয়াই ।

উল্লেখ্য যে ইয়াৰ আগতেও অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ ক্ৰমে নেপালৰ ক্ৰিকেট দলটোৱে অসম ভ্ৰমণ কৰিছিল ।

অসম মহিলা ক্ৰিকেট দলটোৱে দেখুওৱা এই সফলতা অসম মহিলা ক্ৰিকেটৰ বাবে শুভলক্ষণ বুলি মন্তব্য কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰঙ্গ গগৈয়ে ।

Related Articles