Breaking

নগাঁওত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু গৰ্ভৱতী মহিলাৰ

0 1,546

প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে। সেইদৰে ৰাজ্য চৰকাৰেও জনজাতীয় লোক সকলৰ বাবে স্বায়ত্বশাসিত পৰিষদৰ গঠন কৰে। জনজাতীয় লোকসকলৰ সামাজিক, আৰ্থিক, শৈক্ষিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়নৰ বাবে এই পৰিষদ সমূহ গঠন কৰিছে। কাৰ্বি জনজাতীয় লোকসকলৰ সামগ্ৰীক উন্নয়নৰ বাবে ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পিছলৈ ১৯৫২ চনৰ ২৩ জুন তাৰিখে ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল। কিন্তু কিমান উন্নয়ন হৈছে এই অঞ্চলসমূহত? প্ৰকৃততে এচাম কাৰ্বি জনপ্ৰতিনিধিয়ে সোঁৱে-বাওঁ উন্নয়নৰ ধন উদৰস্থ কৰাৰ ফল ভূগিছে সাধাৰণ জনতাই। এনে দুৰ্ভাগ‍্যজনক সঘনাই ঘটিবলৈ লৈছে নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ বিভিন্ন অঞ্চলত।কলিয়াবৰৰ কুঠৰীৰ সীমান্তৰ কাৰ্বি-আংলং জিলাৰ চুচেং-ধেণ্টা পৰিষদীয় সমষ্টিৰ ৰঙাগড়া অঞ্চলৰ বাট-পথে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ।শেহতীয়াকৈ বিদ্ধস্ত পথৰ বাবেই চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু গৰ্ভৱতী মহিলাৰ। এখন বাহনত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৰংবং তিমুং গাঁৱৰ কাচে ইংতিপি নামৰ গৰ্ভৱতী মহিলাগৰাকীৰ। বুধবাৰে চিকিৎসালয়ৈ নিয়াৰ পথতে মৃত্যু হয় এগৰাকী গৰ্ভৱতী মহিলাৰ। জৰুৰীকালীন সময়ত ৰোগীক বোকাময় পথেৰে চল্লিশ কিলোমিটাৰ দুৰত্বৰ নগাঁও জিলাৰ জখলাবন্ধা চিকিৎসালয়লৈ সময়মতে নিব নোৱাৰাৰ বাবে আদবাটতে অকাল মৃত্যুক সাৱটিলে ৰংবং তিমুং গাঁৱৰ কাচে ইংতিপি নামৰ গৰ্ভৱতী মহিলাগৰাকীয়ে।


এনে ঘটনাই কাৰ্বি-আংলঙৰ বাট-পথ উন্নয়নৰ প্ৰকৃত ছবি। গড়কাপ্তানি বিভাগকে ধৰি পৰিষদীয় উন্নয়নক প্ৰত্যাহ্বান জনাই বোকাময় পথেৰে প্ৰতিদিনে যাতায়ত অব্যাহত ৰাখিছে চুচেং-ধেণ্টা পৰিষদীয় সমষ্টিৰ কুৰিখনৰো অধিক গাঁৱৰ বাসিন্দাই। বাট-পথৰ দুৰাৱস্থাই উন্মোচিত কৰিছে অঞ্চলটোৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। তাৰ বিপৰীতে এচাৰ জনপ্ৰতিনিধিয়ে সোঁৱে-বাওঁ উদৰস্থ কৰিছে জনতাৰ উন্নয়নৰ আঁচনিৰ ধন।
কলিয়াবৰৰ কুঠৰীৰ সীমান্তৰ কাৰ্বি-আংলং জিলাৰ চুচেঙ-ধেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলত সংঘটিত এই মৰ্মান্তিক ঘটনাই পোহৰলৈ আনিছে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ। বাটপথৰ উন্নয়নৰ দিশত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ “চুচেঙ-ধেণ্টা” পৰিষদীয় সমষ্টিৰ। এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা ঘটনাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গৰিহণা দিছে কাৰ্বি ছাত্ৰ সন্থাই।
উল্লেখযোগ‍্য যে, কিছু দিনৰ পূৰ্বে একেটা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত কঢ়িয়াই জখলাবন্ধা চিকিৎসালয়লৈ অনাৰ বাতৰি প্ৰকাশ পাইছিল।

Leave A Reply