বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক, (Premdhar Sharma) বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা বাৰ্ধক্য জনিত কাৰণত দীৰ্ঘ দিন ধৰি শয্যাশায়ী হৈ আছে৷ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ১১ অক্টোবৰ তাৰিখে ক্ৰীড়া মহীৰূহ পুলিন দাস স্মৃতি ৰক্ষা সমিতিয়ে স্বাস্থ্যৰ বুজ লবলৈ তেখেতৰ পাণবজাৰস্থিত বাসগৃহত উপস্থিত হয়৷
স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদ, সম্পাদক কল্যাণ কুমাৰ দাস আৰু সদস্য পাৰ্থ চক্ৰৱৰ্তীয়ে তেখেতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে৷ তদুপৰি স্মৃতি ৰক্ষা সমিতিয়ে তেখেতলৈ কিছু পৰিমাণে আৰ্থিক সাহাৰ্যও আগবঢ়োৱাৰ লগতে আশু আৰোগ্য কামনা কৰে৷
স্মৃতি ৰক্ষা সমিতিয়ে বৰ্ষীয়ান ক্ৰীড়া সাংবাদিকগৰাকীৰ চিকিৎসাৰ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও ৰাজ্য চৰকাৰক অনুৰোধ জনায়৷

