২০ মাৰ্চৰ পৰা বিপিচিএলৰ স্পীড, এইচপিচিএলৰ পাৱাৰ আৰু আইঅ’চিএলৰ এক্সপি ৯৫১ মূল্য প্ৰতি লিটাৰত আজিৰে পৰা ২.০৯-২.৩৫ টকা বৃদ্ধি পাইছে৷ পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰমাজতে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতত পেট্ৰ’লৰ প্ৰিমিয়াম মূল্য বৃদ্ধি কৰিছে তেল বিপণন কোম্পানীসমূহে৷ ২০২৬ চনৰ ২০ মাৰ্চৰ পৰা ২.৩৫ টকা পৰ্যন্ত ব্যয়বহুল হৈ পৰিছে প্ৰিমিয়াম পেট্ৰ’ল৷ বিপিচিএলৰ স্পীড, এইচপিচিএলৰ পাৱাৰ আৰু আইঅ’চিএলৰ এক্সপি ৯৫১ মূল্য প্ৰতি লিটাৰত ২.০৯-২.৩৫ টকা বৃদ্ধি পাইছে৷ কিন্তু বৰ্তমানলৈ সাধাৰণ পেট্ৰ’লৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই৷
উল্লেখ্য, আজি খাৰুৱা তেলৰ মূল্য ৩.৩৯ শতাংশ পৰ্যন্ত হ্ৰাস পাই দিনটোৰ ভিতৰতে নূ্যনতম ১০৪.৯৬ ডলাৰ প্ৰতি বেৰেলত উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ৩.২২ শতাংশ হ্ৰাস পাই ৯২.৪৭ ডলাৰ হয় আৰু দিনটোৰ ভিতৰতে নিম্নতম স্তৰত উপনীত হয়৷ শেহতীয়াকৈ ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে৷ পশ্চিম এছিয়াৰ সংঘাতৰ ২১সংখ্যক দিনত ভৰি দিয়াৰ লগে লগে খাৰুৱা তেলৰ মূল্য প্ৰায় ৪০ শতাংশ বৃদ্ধি পাই ২ মাৰ্চত ৭৭.৭৪ ডলাৰৰ পৰা ১৯ মাৰ্চত ১০৮.৬৫ ডলাৰলৈ বৃদ্ধি পায়৷

