উৰিয়ামঘাটত ৩৩ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি

ঐতিহ্য মণ্ডিত ৩৩ সংখ্যক উৰিয়ামঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনখনিঅহা ৭ আৰু ৮ বহাগ দুদিনীয়া কাৰ্যসূচীৰে উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগনত উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। এই সন্মিলন খনি সফল ভাবে আয়োজন কৰিবলৈ ১ এপ্ৰিল তাৰিখে উৰিয়ামঘাটৰ ৰাজহুৱা খেল পথাৰৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । এই সভাতেই হেমন্ত বৰাক সভাপতি ,ভৰত চুতীয়াক কাৰ্যকৰী সভাপতি ৰোহিনী গগৈক মুখ্য সম্পাদক, পূৰ্ণ প্ৰতিম বৰ চুতীয়া আৰু দীপাংকৰ বৰাক যুটীয়া সম্পাদকৰ লগতে বহুকেইখন উপ সমিতি গঠন কৰি এখন পূৰ্ণাংগ উদযাপন সমিতি গঠন কৰা হয় । অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি হেমন্ত বৰাই এই সভাতেই সকলো বিহু প্ৰেমী ৰাইজকে বিহু সন্মিলনখনিত সহায় সহযোগিতা , দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় ।

উৰিয়ামঘাটৰ ৰাজহুৱা খেল পথাৰৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা বিহু সন্মিলন খনিত হুচৰি ,বৰ বিহুতি, সৰু বিহুতি, জেং বিহু, সৰু বিহুৱা , কুইজ, মৌ-কুঁৱৰী , ৰচনা আৰু চিত্ৰাংকন আদি বহু কেইটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা লগতে অন্তিম দিনা নিশালৈ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ৰিদিপ ৰংকিতে গীত পৰিৱেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।

Related Articles