উজনি-মাজুলীঃ মাজুলী বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্ত্তা সকলে দলটোক শক্তিশালি কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ কাষচপা দেখা গৈছে ৷ আজি দলটোৰ গড়মূৰৰ অস্থায়ী কাৰ্যালয়ত হৰেণ বৰাৰ সভাপতিত্বত আহ্বায়ক সমিতিৰ এখন সভা অনুস্থিত হয় ৷ সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক শশীধৰ দলে নতুনকৈ গঠন হোৱা দলটোৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে ৷ দক্ষিনপাট আঞ্চলিকৰ পৰা প্ৰতিনিধিত্ব কৰা ঘন ভড়ালী, বনগাওঁ পঞ্চায়তৰ পৰা প্ৰদীপ বৰা মহিলা পৰিষদৰ পৰা চেনেহী গগৈ কলিতাই দলটোক শক্তিশালি কৰাৰ কৌশল সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ হেমন্ত বৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেই অসম জাতীয় পৰিষদৰ মাজুলী জিলা সমিতিখন গঠন কৰাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে ৷ মাজুলীৰ বিশখন পঞ্চায়তৰ প্ৰতিখন পঞ্চায়তৰ দহটা ৱাৰ্ডৰ পৰা এজনকৈ সদস্য নিৰ্বাচন কৰি অসম জাতীয় পৰিষদ মাজুলী জিলা সমিতি গঠন কৰাৰ মত পোষন কৰে ৷ অহা ১৮ জানুৱাৰীৰ ভিতৰত সমিতিখন গঠন কৰিবৰ বাবে দলীয় দহ সংগঠকক আজিৰ সভাই দায়িত্ব অৰ্পণ কৰে ৷ তেওঁলোক হ’ল শশীধৰ দলে, পদ্মেশ্বৰ দলে, প্ৰদীপ বৰা, ব্ৰজেন ভড়ালী, ৰূদ্ৰ শইকীয়া, হেমন্ত বৰা, জিতেন নাথ, ক্ষেত্ৰনাথ দলে, হৰেণ বৰা আৰু লুহিত বৰা ৷