Breaking

মাজুলীত “সহোদৰ” ২০২০-২১ তুঙ্গত উঠিছে প্ৰস্তুতি

0 2,074

মাজুলীত অনুষ্ঠিত হ’ৱ লগা ২০২০-২১ বৰ্ষৰ “সহোদৰ” শীৰ্ষক অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ ৬০০ শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷ ১০০ খুলীয়াই শুভাৰম্ভ কৰিব সহোদৰ অনুষ্ঠানটিৰ |বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ক্ষেত্ৰ হ’ব মাজুলী |
অহা  ২১ আৰু ২২ ফেব্ৰুৱাৰীত মাজুলীত হ’বলগীয়া “সহোদৰ” সমন্বয় আৰু ভাতৃত্ববোধৰ এক প্ৰয়াস অনুষ্ঠান অনুষ্ঠিত হ’ৱ  জেংৰাইমুখৰ মৰাসুঁতিৰ পাৰত । অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীত অনুষ্ঠিত হ’ব এই বৰ্ষৰ সহোদৰ ২০২০-২১। মাজুলীৰ অনন্য সংস্কৃতি আৰু সৃষ্টিশীল স্থানীয় বৈশিষ্ট সমূহক অসমৰ প্ৰতিটো প্ৰান্তত প্ৰচাৰ তথা সমাদৰ লাভৰ নিমিত্তে মাজুলীত এই সহোদৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে।  কিয়নো মাজুলী হ’ল সমগ্ৰ অসমৰ এক সাংস্কৃতিক স্বৰূপ : বৈচিত্ৰময়, বৰ্ণিল আৰু ঐক্যবদ্ধ স্থান হ’ল মাজুলী ৷ এই অনুষ্ঠানৰ  উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে সহোদৰ ২০২০-২১ হ’ব এনে এক মাধ্যম য’ত অসমৰ খিলঞ্জীয়া জনজাতি আৰু অজনজাতি সমূহৰ মাজত বিদ্যমান সাংস্কৃতিক সংমিশ্ৰণৰ আনুষ্ঠানিক ৰূপত প্ৰতিফলন ঘটিব । এনে এক বৰ্ণিল , সৃজনীশীল আৰু সৌহাদ্দ্যপূৰ্ণ অভিজ্ঞতা আৰু অনুভুতিৰ সাক্ষী হ’বলৈ অনুৰোধ জনাইছে উদোক্তা সকলে। সাংস্কৃতিক অনুষ্ঠানটিত অংশগ্ৰহণ কৰিৱ – অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সীমান্ত শেখৰ , দেৱজিৎ সাহা, কৃষ্ণমনি চুতীয়াকে ধৰি বহু কেইজন শিল্পী আৰু অভিনেতা অভিনেত্ৰীয়ে | এই উপলক্ষে জেংৰাইমুখৰ মৰাসুঁতি পথাৰত তুংগত হৈ উঠিছে অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতিৰ।

Leave A Reply