Breaking

৪৪তম বেলতলা বহাগী উৎসৱৰ প্ৰস্তুতি

0 71

বিগত বৰ্ষ সমূহৰ দৰে এই বেলিও বেলতলা বহাগী উৎসৱৰ সমিতিয়ে অহা ২০, ২১ আৰু ২২ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বহাগী উৎসৱ উদ্‌যাপন সমিতিয়ে ব্যাপক প্রস্তুতি চলাইছে।

বেলতলা বহাগী উৎসৱ পালনৰ উদ্দেশ্যে বেলতলা পূবেৰুণ সংঘৰ ইনড’ৰ হলত কার্যকৰী সভাপতি বিজয় বড়োৰ সভাপতিত্বত এখন গাম্ভীর্য পূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়।

উক্ত সভাত নাৰায়ণ ডেকাক সভাপতি, বিশিষ্ট সাংস্কৃতিক সংগঠক সঞ্জয় গোস্বামীক সাধাৰণ সম্পাদক, বিজয় বড়োক কাৰ্য্যকৰী সভাপতি, জয়ন্ত গগৈক সাংস্কৃতিক সম্পাদক আৰু প্রদীপ দাসক কোষাধ্যক্ষৰূপে লৈ এখন পূর্ণাঙ্গ সমিতি গঠন কৰা হয়।

লগতে ২০২৩ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা প্ৰদান আৰু বিশিষ্ট গায়ক-গায়িকাৰ বিষয়েও উক্ত সভাত বিতংভাৱে আলোচনা কৰা হয়। বেলতলা বহাগী উৎসব উদযাপন সমিতিয়ে জানিবলৈ দিয়ামতে বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি এইবাৰো পাটমাদৈ, বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তিনিও দিনৰ কাৰ্যসূচীতে উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতাৰ শ্ৰদ্ধাৰে কামনা কৰিছে।

Leave A Reply