কামৰূপ জিলাৰ বঙৰাৰ সমীপৰ ডাঙৰ কৈটাসিদ্ধি ৰাইজ গয়ৰহে পৰম্পৰাগত উদযাপন কৰি অহা তথা এইবেলি ৭৩ তম্ বৰ্ষত পদাৰ্পণ কৰা সুঁৱৰি উৎসৱটি অহা ১৯ আৰু ২০ এপ্রিলত “শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰ” প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলাইছে বুলি গয়ৰহৰ সভাপতি প্ৰদীপ চন্দ্র নাথ আৰু সম্পাদক ৰত্নেশ্বৰ নাথে এক বিজ্ঞপ্তি যোগে জনাইছে। ১৯ এপ্রিলৰ পুৱা ৫ বজাত ঊষা কীৰ্তন পৰিচালনা কৰিব সত্ৰাধিকাৰ ৰজনীকান্ত নাথে। ৮ বজাত গোসাঁই স্থাপন, দিনৰ ১১ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব প্ৰবীণ নাথ শাস্ত্ৰীয়ে। ১২বজাত সুঁৱৰি উৎসৱৰ মঞ্চ মুকলি কৰিব দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই।
১২:৩০ বজাত বন্তি প্ৰজ্বলন কৰিব নবীন নাথে, বিশিষ্ট অতিথি হিচাপে শিক্ষক গজেন বড়ো, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ তালুকদাৰে অংশ ল’ব। ১ বজাত সম্বৰ্দ্ধনা অনুষ্ঠান, ২বজাত সুঁৱৰি উৎসৱ আৰম্ভ, নাট পৰিচালনা প্ৰাণেশ্বৰ নাথৰ, দল পৰিচালনা ললিত নাথৰ। নিশা ১০ বজাত “যুগান্তৰ নাট্য দল” ৰ দ্বাৰা যাত্রাভিনয়। ২০ এপ্রিলৰ পুৱা ৮বজাত প্ৰসাদ বিতৰণ, আবেলি ২বজাত শ্রীশ্রী চতুর্ভুজ গোসাঁই লৈ শোভাযাত্রা, নিশা ৯বজাত প্ৰসাদ বিতৰণ। দুয়োদিনৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

