তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ১২, ১৩ আৰু ১৪ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগীয়া বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশন উপলক্ষে  শুকুৰবাৰে বিয়লি কুমাৰীকাটাৰ ঢেকীয়াবস্তিত লাইখুটা স্থাপন কৰা হয়। মাংগলিক পৰিৱেশত শুকুৰবাৰে বিয়লি  লাইখুটা স্থাপন কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰীয়ে। এই অনুষ্ঠানত  বৰ্মন কছাৰী সাহিত্য সভাৰ বিষয়-ববীয়া, জনগোষ্ঠীটোৰ কেইবাটাও দল সংগঠনৰ বিষয়-ববীয়া আৰু ভালে সংখ্যক জনগোষ্ঠীটোৰ লোক   উপস্থিত থাকে। লাই খুটা স্থাপন অনুষ্ঠানটোবৰ্মন কছাৰী লোক নৃত্যৰে মুখৰিত হৈ পৰা দেখা যায়।

Related Articles