Breaking

জামুগুৰিহাটৰ গাওেঁ গাওেঁ ৰাস উদযাপনৰ প্ৰস্তুতি

0 2,011

ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে নামঘৰ নগৰী জামুগুৰিহাটতো এতিয়া ৰাস উদযাপনৰ প্ৰস্তুুতি তুংগত উঠিছে ৷ খোল-তাল বাহীঁৰ শব্দই বৈকুণ্ঠ নগৰী কৰি তুলিছে জামুগুৰিহাটৰ আকাশ-বতাহ ৷ অঞ্চলটোৰ গাৱেঁ গাৱেঁ এতিয়া ৰাসৰ আখৰাত ব্যস্ত গঞাঁ ৰাইজ ৷  জামুগুৰিহাটৰ কলবস্তিৰ নামঘৰ প্ৰাঙ্গঁণত এইবেলি চাৰিগাওঁৰ ৰাইজে দুদিনীয়া কাৰ্য্যসুচীৰে  অনুষ্ঠিত কৰিবলৈ লৈছে ২১তম শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আৰু শিশু লীলা  ৷ এই লৈ উখল- মাখল এতিয়া  গাওঁৰ পৰিবেশ ৷ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী,মহিলা সকলো খোলৰ তালে তালে কৃষ্ণ,গোপীৰ অভিনয়ৰ আখৰাত ব্যস্তহৈ পৰা দেখা গৈছে ৷ চৰকাৰী সকলো নীতি-নিয়ম মানি চলি এই ৰাস উদযাপন কৰিব বুলি জানিবলৈ দিয়ে ৰাস উদযাপন কমিটিৰ অন্যতম  উদ্যোক্তা চন্দ্ৰ কান্ত নাথে ৷Attachments area

Leave A Reply