Breaking

ইজৰাইল-হামাছৰ যুদ্ধ বন্ধ কৰাৰ প্ৰস্তুতি, ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ জো বাইডেনৰ…

0 75

ইজৰাইল হামাছ যুদ্ধঃ ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বন্ধ কৰাৰ প্ৰস্তুতি এতিয়া আৰম্ভ হৈছে। ইৰাণৰ ভাবুকিৰ মাজতে ইজৰাইল আৰু জৰ্ডান ভ্ৰমণ কৰিবলৈ ওলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। যোৱা ১১ দিন ধৰি ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে। এফালে হামাছে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে, আনহাতে ইজৰাইলেও স্পষ্ট কৰি দিছে যে হামাছৰ ধ্বংস নোহোৱালৈকে যুদ্ধ চলি থাকিব।

এই সকলোবোৰৰ মাজতে লাখ লাখ পেলেষ্টাইনী শৰণাৰ্থীক লৈ বিশ্ব পৰ্যায়ত উদ্বেগ বৃদ্ধি পাইছে। এই ভয়ানক পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কিছুমান বিশেষ দেশ ভ্ৰমণ কৰিবলৈ ওলাইছে য’ত ইজৰাইল, জৰ্ডান, আম্মান আদি অন্তৰ্ভুক্ত। এফালে ইৰাণেও ভাবুকি দিছে যদিও আনফালে হিজবুল্লাইও ফ্ৰণ্ট মুকলি কৰিছে। এই সকলোবোৰৰ মাজতে ইজৰাইলে স্পষ্ট কৰি দিছে যে এইবাৰ যুঁজখন চূড়ান্ত হ’ব।


Leave A Reply