Breaking

ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত বিভিন্ন যক্ষ্মা গোটক বঁটা প্ৰদান

0 24

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালিকা ড॰ এম এছ লক্ষ্মী প্ৰিয়া, আই.এ.এছ. য়ে ৰাজ্যিক যক্ষ্মা বিষয়া ড॰ অভিজিৎ বসু; ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী [এনটিইপি]ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ৰ পৰামৰ্শদাতা ড॰ পলাশ তালুকদাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন দাঙি ধৰাৰ বাবে

বঙাইগাঁও জিলাৰ অন্তৰ্গত মানিকপুৰ যক্ষ্মা গোটক বঁটা প্ৰদান কৰে৷

আনহাতে, গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই পৰ্যালোচনা সভাতে মুছলপুৰ যক্ষ্মা গোট, বাক্সা জিলা আৰু কাজলগাঁও যক্ষ্মা গোট আৰু চিৰাং জিলাৰ যক্ষ্মা গোটকো যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনকাৰী গোট হিচাপে বঁটা প্ৰদান কৰা হয়৷

Leave A Reply