Breaking

নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে সংগীত নাটক অকাডেমী বঁটা, অসমৰ পাঁচগৰাকীয়ে গ্ৰহণ কৰিলে বঁটা…

0 23

এক আড়ম্বৰপূৰ্ণ পৰিৱেশত নতুন দিল্লীত বুধবাৰে ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে সংগীত নাটক অকাডেমী বঁটা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে ২০২২ আৰু ২০২৩ চনৰ বাবে বিভিন্ন প্ৰদৰ্শন কলা ক্ষেত্ৰৰ মুঠ ৯৪ গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। তেওঁ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত সংগীত নাটক একাডেমী ফেলোশ্বিপো প্ৰদান কৰে, যাৰ ভিতৰত এটা যুটীয়া ফেলোশ্বিপও আছে। অসমৰ মুঠ ৫ গৰাকী ব্যক্তিয়ে গ্ৰহণ কৰে এই বঁটা।ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰি অসমবাসী়ক ধন্যবাদ জ্ঞাপন কৰে অসমৰ কেউগৰাকী শিল্পীয়ে। অসমৰ কৰুণা বৰা , ভৱেন বৰবায়ন , গুণাকৰ দেৱগোস্বামী , গোবিন্দ শইকীয়াই গ্ৰহণ কৰিলে বঁটা। বঁটা প্ৰাপকসকলে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ অংগীকাৰৰ কথা সাংবাদিকৰ সন্মুখত অৱগত কৰে।

বঁটা প্ৰদান কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় “শিল্পীসকলে তেওঁলোকৰ কলাৰ জৰিয়তে কুসংস্কাৰক প্ৰত্যাহ্বান জনাই আহিছে। তেওঁলোকে তেওঁলোকৰ কলাৰ জৰিয়তে সমাজক জাগ্ৰত কৰি আহিছে। আমাৰ কলা হৈছে ভাৰতৰ শক্তিৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। ই ভাৰতৰ বৈদেশিক নীতিৰ অংশ,” । মুৰ্মুৱে অকাডেমীৰ ফেলোশ্বিপ আৰু বঁটা প্ৰাপকসকলক অভিনন্দন জনাই কয় যে “তেওঁলোকে সংগীত আৰু নাটকৰ বিভিন্ন ৰূপ আৰু ধাৰাৰ জৰিয়তে ভাৰতীয় কলা পৰম্পৰাক সমৃদ্ধ কৰি থাকিব”। সাতজন ফেলোৰ উপৰিও, সংগীত, নৃত্য, থিয়েটাৰ, পৰম্পৰাগত লোককৃষ্টি, জনজাতীয় সংগীত, নৃত্য,থিয়েটাৰ, পুতলানাচ আৰু সামগ্ৰিক অৱদানৰ ক্ষেত্ৰত মুঠ ৯৪ গৰাকী ব্যক্তিয়ে সন্মানীয় সংগীত নাটক একাডেমী বঁটা লাভ কৰে।

Leave A Reply