গোসাঁইগাঁৱৰ ছেৰফাংগুৰি ঈদগাহ খেলপথাৰত আমছুৰ কৰ্মশালাত সভাপতি ৰেজাউল কৰিম সৰকাৰ…

‘সংখ্যালঘু সমাজৰ পৰা কুসংস্কাৰ, বাল্য বিবাহ, অশিক্ষা, নিচাৰ প্ৰচলন আদি সমূলে দূৰ কৰাৰ বাবে আমছুৰ কৰ্মী সকলক জাগ্ৰত প্ৰহৰীৰ ভূমিকা ল’ব লাগিব তেতিয়া হে আমছুৰ আন্দোলন সাফল্য মণ্ডিত হ’ব আৰু চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব’ এই ভাষ্য আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ গোসাঁইগাঁৱৰ ছেৰফাংগুৰি ঈদগাহ খেলপথাৰত আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত জিলা সমিতৰ অন্তৰ্গত ১১ খন আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সভাপতি সৰকাৰে আৰু কয় “জাতিৰ অস্তিত্বৰ যুঁজত আমছুৰ প্ৰতিজন কৰ্মীয়ে জাগ্ৰত প্ৰহৰীৰ ভূমিকা লৈ আগৱাঢ়ি যাব লাগিব৷ মবাইলত গেম খেলা পৰিহাৰ কৰি সমাজৰ হকে কাম কৰক আৰু নিজকে আমছুৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে প্ৰতিষ্ঠা কৰাৰ আহ্বা্ন জনায়৷ ছাত্ৰ নেতা সৰকাৰে সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত আৰু কয় যে কা আমছুয়ে সমৰ্থন কৰা নাই আৰু ইয়াৰ বাবে সদায় বিৰোধীতা কৰি যাব বুলি সদৰী কৰে ৷

আগন্তক লোকসভা নিৰ্বাচনত আমছুৰ অৰাজনৈতিক চৰিত্ৰ বৰ্তাই ৰাখিব৷ ৰাইজ এতিয়া সচেতন হৈছে বিবেক বিবেচনা অনুসৰি ৰাইজ লোকসভা নিৰ্বাচনত কাৰ পক্ষত অৱস্থান কৰিব সেয়া ৰাইজে সিদ্ধান্ত লব ৷আমছুৰ উপ সভাপতি সফিকুল ইছলামৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত আমছুৰ কেন্দ্ৰীয় উপ সভাপতি ৰফিকুল ইছলামে আমছুৰ নীতি নিয়ম কে আন্দোলনত অংশ গ্ৰহণ কৰাৰ পদ্ধতি সমুহৰ ওপৰত আমছুৰ কৰ্মী সকলক দিহা পৰামৰ্শ আগৱঢ়ায় ৷অধিবক্তা মাফিজুৰ ৰহমানে আমছুৰ কৰ্মী সকলক উদ্দেশ্যি বিভিন্ন দিশ আ্ঙুলিয়াই ভাষণ প্ৰদান কৰে৷ ১১ খন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক সদস্যক শপত বাক্য পাঠ কৰায় জিলা সমিতিৰ সভাপতি ৰেজোৱান আলীয়ে ৷শপত বাক্য আৰু কৰ্মশালা অনুষ্ঠানৰ পূৰ্বে ৰাতিপুৱা পতাকা উওোলন ,বৃক্ষৰোপন কাৰ্যসুচী আদি ৰূপায়ণ কৰা হয় ৷

Related Articles