Breaking

ধুবুৰীত দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটীৰ সংবাদমেল

0 20

আজি ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাই আয়োজন কৰা এখন সংবাদমেলত ধুবুৰী জিলাৰ ঐতিহাসিক পানবাৰী মছজিদৰ ওচৰে পাজৰে হোৱা অবৈধ বেদখল, ভাৰতৰ পুৰাতত্ব বিভাগৰ আইন উলংঘা কৰাৰ লগতে এই ঐতিহাসিক স্থানৰ পৰিবেশ বিনষ্টকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশানৰ ওচৰত আহবান জনায়। সংবাদমেলত দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাই চলিত বৰ্ষৰ যোৱা ২৯ চেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীলৈ দেশী জনগোষ্টীয় মঞ্চৰ ধুবুৰী জিলা সমিতিয়ে ঐতিহাসিক পানবাৰী মছজিদৰ সংৰক্ষণ কৰাৰ দাবীত এক স্মাৰক পত্ৰ যোগে অৱগত কৰাৰ লগতে উপযুক্ত ব্যৱস্থা লবলৈও আহবান জনাইছিল। কিন্তু যোৱা ১৯ অক্টোবৰত পানবাৰী মছজিদৰ সন্মুখত উপস্থিত হৈ অইন এটা সংগঠনে যি ধৰ্ণা কাৰ্যসুচী পালন কৰিলে তাৰ মূল বিষয়বস্তু বা দাবীৰ প্ৰতি দেশী জনগোষ্টীয় মঞ্চ অসমৰ ঐক্যমত থাকিলেও দেশী জনগোষ্টীয় মঞ্চই সেই ধৰ্ণা কাৰ্যসুচী কেতিয়াও সমৰ্থন কৰা নাই। দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি গৰাকীয়ে আজি সংবাদমেল খনত এইবুলি ষ্পষ্ট কৰি দিয়ে যে কোনো এটা বিষয় চৰকাৰ বা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে কৰা ধৰ্ণা উপযুক্ত ঠাইত কৰিব লাগে। যিহেতু মছজিদ এক পৱিত্ৰ স্থান তাত বা তাৰ ওচৰে পাজৰে ধৰ্ণা, ৰাজনৈতিক শ্ল’গান দিয়া দেশী জনগোষ্টীয় মঞ্চৰ দৃষ্টিত উচিত কাৰ্য নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে। ইপিনে উক্ত ধৰ্ণা কাৰ্যসুচীৰে  আন্দোলন কৰা সংগঠণটোৱে ধৰ্ণাৰ এদিন পিছত আমছুৰ দৰে সংগঠণৰ সৈতে বুজাবুজিত উপনিত হোৱা কাৰ্যটো সহজে মানি লব পৰা বিষয় নহয় আৰু ই গৰিহনাৰ যোগ্য বুলি কয় দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাই। ইয়াৰ বিপৰীতে মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাই আজিৰ সংবাদমেল যোগে এই কথাৰো সদৰী কৰে যে পানবাৰী মছজিদ অকল প্ৰাৰ্থনা গৃহই নহয়, ই এক ঐতিহাসিক কৃতীচিহ্ন হয়। গতিকে ইয়াৰ পৱিত্ৰতা ৰক্ষা কৰা আৰু ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কামো চৰকাৰে হাতত ল’ব লাগে বুলি উল্লেখ কৰে। পানবাৰী মছজিদৰ আশে পাশে ব্যাপক হাৰত চৰকাৰী খাছ মাটি বেদখল হোৱা আৰু চৰকাৰে এই বেদখলমুক্ত কৰনৰ কাম দৃঢ়ভাবে হাতত লোৱাৰো দাবী উত্থাপন কৰিছে। ঐতিহাসিক এই মছজিদটোত ধৰ্মপ্ৰাণ ৰাইজে যি বছৰি কোটি কোটি টকাৰ দান দক্ষিণা দিয়ে তাৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছে আৰু এই বিত্তীয় কেলেকাৰীক কেন্দ্ৰ কৰি এক মাফিয়া ৰাজ গঢ়ি উঠিছে। এই বিত্তীয় অনিয়মৰ উচিত তদন্ত কৰাৰ দাবী মঞ্চৰ সভাপতি গৰাকীয়ে সংবাদমেলযোগে উত্থাপন কৰিছে। যেনেকৈ অসমৰ সত্ৰ সমুহৰ পৰিচালনা এক নিৰ্দিষ্ট খেলে কৰে তেনেদৰে পানবাৰীৰ ঐতিহাসিক মছজিদৰ পৰিচালনাৰ ক্ষেত্ৰতো স্থানীয় দেশী সকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰিছে দেশী জনগোষ্টীয় মঞ্চ অসমৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্বেখ হেদায়েতুল্লাহই। সংবাদ মেলত উপস্থিত আছিল উপ সভাপতি সৈয়দ আলী আহমেদ, কৰ্নধাৰ সদস্য মেহবুব হুসেইন, ড’আকব্বৰ আলী আহমেদ প্ৰমুখ। 

Leave A Reply