স্বাধীনতা ৭৫ তম বৰ্ষপুৰ্তী লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গ্ৰহণ কৰিবলৈ লোৱা কাৰ্যসুচী সম্পৰ্কত অখিল আৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিয়ে আজি এক সংবাদমেলত ঘোষণা কৰে | অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি অসমৰ প্ৰতিখন গাঁৱত গৈ তেওঁলোকে ৰাইজৰ সহযোগত জাতীয় পতাকা উত্তোলন কৰিব| তিনিচুকীয়া জিলাখনতো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়ে|ছাত্ৰ সংগঠনটোৱে জিলাখনৰ অন্তৰ্গত প্ৰতিখন গাঁৱত গৈ এই কাৰ্যসুচী ৰূপায়ণ কৰিব বুলি আজি সংবাদমেলত ঘোষণা কৰে|