Breaking

বঙাইগাঁৱত কোভিড – ১৯ সম্পূৰ্ণ টিকাকৰণ অভিযান সন্দৰ্ভত সংবাদ মেল

0 2,248

বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত সোমবাৰে সন্ধিয়াৰ ভাগত বঙাইগাঁও জিলাৰ কোভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব লাভ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা পৰিৱেশ আৰু বন বিভাগৰ  অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু অসম অসামৰিক সেৱাৰ বিষয়া তথা হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব আৰু চাহ জনজাতি কল্যাণ বিভাগৰ  সঞ্চালক  ভাস্কৰ ফুকনৰ লগতে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই  একেলগে এখন সংবাদ মেল সম্বোধন কৰি জিলাখনৰ কোভিড- ১৯ টিকাকৰণ সন্দৰ্ভত শেহতীয়া তথ্য দাঙি ধৰে ৷ দেশৰ আন ৰাজ্যৰ তুলনাত অসমে কোভিড পৰিস্থিতি ভালদৰে মোকাবিলা কৰাৰ লগতে কোভিড টিকাকৰণতো উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি সোমবাৰৰ পৰা আৰম্ভ হোৱা ঘৰে ঘৰে গৈ টিকা প্ৰদান কৰা কোভিড – ১৯ সম্পূৰ্ণ টিকাকৰণ অভিযান ”হৰ ঘৰ দস্তক” অভিযানো সফলতাৰে সম্পন্ন হ’ব বুলি জ্যেষ্ঠ পৰ্যবেক্ষক তথা বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ  প্ৰসাদে সংবাদ মেলত আশা ব্যক্ত কৰে।লগতে কোভিড টিকাকৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ আন আগশাৰীৰ জিলাসমূহৰ লগতে বঙাইগাঁও জিলাও সফল হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে  হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব তথা আনগৰাকী পৰ্যবেক্ষক ভাস্কৰ ফুকনে সংবাদ মেলত সাংবাদিকসকলক তেওঁলোকৰ বাতৰিৰ জৰিয়তে এতিয়ালৈকে কোভিড টিকা নোলোৱা লোকসকলক প্ৰতিষেধকটো ল’বলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজৰ মাজত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে।উল্লেখ্য যে বঙাইগাঁও জিলাত পৰ্যবেক্ষকদ্বয়ে কেবাটাও স্থান পৰিদৰ্শন কৰে। বঙাইগাঁও জিলাত ঘৰে ঘৰে গৈ সৰ্বসাধাৰণ ৰাইজে কোভিড-১৯ টিকা লৈছে নে নাই সেয়া পৰিদৰ্শন কৰে। ১০০ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চৰকাৰে সোমবাৰৰ পৰা ৫ ডিচেম্বৰলৈ কোভিড -১৯ সম্পূৰ্ণ টিকাকৰণ সন্দৰ্ভত”হৰ ঘৰ দস্তক” কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে কোভিডৰ পৰা সকলো ৰাইজক সুৰক্ষিত ৰখাটো চৰকাৰৰ উদ্দেশ্য বুলিও পৰ্যৱেশকদ্বয়ে কয় ৷ ইপিনে  বঙাইগাঁও জিলাত এতিয়ালৈকে কোভিডৰ প্ৰথম পালি টিকা এশ শতাংশৰো অধিক লোক আৰু দ্বিতীয় পালি প্ৰায় ৫০ শতাংশ লোকে গ্ৰহণ কৰা বুলি সংবাদ মেলত উপায়ুক্ত ডা: এমএছ লক্ষ্মীপ্ৰিয়াই প্ৰকাশ কৰে ৷ জিলা উপায়ুক্তই সংবাদ মেলত সদৰি কৰা মতে বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত মুঠ ৪,৮৮৯ পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷ আনহাতে জিলাখনত বৰ্তমানলৈকে মুঠ ৮,১৬,৯৮০পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত এশ শতাংশ কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সফল হ’ব বুলিও আশা ব্যক্ত কৰে ৷

Leave A Reply