চাপৰৰ হাতীপোতা সেৱা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

মানুহ মানুহৰ বাবে। তাকে আজি যেন পুনৰাবৃত্তি কৰিলে সেৱা সমিতি নামৰ এটি বেচৰকাৰী সংস্হাই ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতাত। সম্প্ৰতি পুহ মাহ। দিন পাৰ হোৱাৰ সমান্তৰালভাৱে ভাবে ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি গৈছে। ঠাণ্ডাৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি দুখীয়া ৰাইজক কিঞ্চিত ঠাণ্ডাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে আজি সেৱা সমিতি নামৰ বেচৰকাৰী সংস্থা এটিয়ে হাতীপোতা অঞ্চলৰ প্ৰায় পাচ শতাধিক দৰিদ্ৰ সীমা ৰেখাৰ অধীনত বাস কৰা ৰাইজৰ মাজত কম্বল বিতৰণ কৰে।

কম্বল বিতৰণৰ উদ্দেশ্য হাতীপোতা গাওঁ পঞ্চায়তৰ প্ৰাঙ্গণত জিলা পৰিষদ আশাদ আলীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত অতিৰিক্ত উপায়ুক্ত জনৈক ভুমিক, প্ৰাক্তন জিলা পৰিষদ আব্দুল কুদ্দুছ, ধুবুৰী জিলা এন এছ ইউ আইৰ সভাপতি ৰফিকুল হককে ধৰি বহু গণ্য মন্য ব্যক্তি উপস্থিত থাকে।আজি হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁওৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক এই কম্বল বিতৰন কৰে লগতে অনাগত দিনত অকল হাতীপোতাতে নহয় গোটেই অসমত এই সেৱা আগবঢ়োৱাৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰে উদ্যোগতা সকলে।

Related Articles