Breaking

চাপৰ আৰক্ষীৰ সফলতা

0 79

চাপৰ আৰক্ষীৰ সফলতা।নিশা অভিযান চলায় চাপৰ আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰিলে দুজন কৈ চোৰ। চাপৰৰ এখন গুদামত সংঘটিত কৰিছিল চুৰি কাণ্ড।

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত যোৱা চাপৰ বজাৰৰ অধিকাৰী কমপ্লেক্সত FLIPKART ৰ সামগ্ৰী মজুত কৰি ৰখা এখন দোকানত যোৱা ২৪ তাৰিখ নিশা এক চুৰিকাণ্ড সংঘটিত হয় ।

উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত ভূক্তভোগীয়ে চাপৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ চিৰস্তা ছফিউল আলম আজাদৰ নেতৃত্বত এক অভিযান চলাই যোৱা নিশা দুজনকৈ চোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ দুজনৰ পৰা ইতিমধ্যে কিছু সা-সামগ্ৰীও জব্দ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আটকাধীন চোৰ দুজন ক্ৰমে চাপৰ শান্তিপুৰৰ গোবিন্দ নম: দাস আৰু চাপৰ কাজিপাৰাৰ ইছমাইল আলী বুলি জানিব পৰা গৈছে। আটকাধীন চোৰ দুজনক ইতিমধ্য আৰক্ষীয়ে জেল হাজোলৈ প্ৰেৰণ কৰে।

Leave A Reply