Breaking

বৃদ্ধি পাইছে বিলাহীৰ মূল্য। আপোনাৰ বহুমূলীয়া বিলাহীকেইটা পচি নোযোৱাকৈ ৰাখিব কেনেকৈ…

0 50

বৰ্তমান বাৰিষা। অবিৰত বৰষুণে তীব্ৰ গৰমৰ পৰা ৰেহাই দিছে যদিও একে সময়তে বোকা আৰু পানী জমা হোৱাৰ দৰে আন বহু সমস্যাও আৰম্ভ হৈছে। বাৰিষাৰ সময়ত মানুহে প্ৰায়ে কেইবাদিনো ফল-মূল কিনি মজুত কৰি ৰাখে, যাতে প্ৰতিদিনে বাহিৰলৈ ওলাই যাব নালাগে। যদি এই ফলমূল আৰু শাক-পাচলিবোৰ ভালদৰে ৰখা নহয়, তেন্তে এইবোৰ নষ্ট হ’বলৈ বেছি সময় নালাগে। আজি আমি আপোনালোকক বহুদিনৰ বাবে সুৰক্ষিত ৰাখিব পৰা কিছু বিশেষ টিপছ জনাম। বাৰিষাত খাদ্য সংৰক্ষণ কৰাৰ টিপছ-

কল এবিধ চিৰসেউজ ফল, যি বছৰৰ ১২ মাহতে পোৱা যায়। কিন্তু বাৰিষাৰ সময়ত কল ভালে ৰখাটো অতি প্ৰয়োজনীয়, নহ’লে ২ দিনৰ ভিতৰত পচি যায়। এনে ক্ষেত্ৰত কল ভালে ৰখাৰ আগতে ভালদৰে ধুব লাগে। ইয়াৰ পিছত টাৱেল বা টিছু পেপাৰ লৈ তিয়াই লওক। ইয়াৰ পিছত সেই কাগজখন কলৰ চাৰিওফালে মেৰিয়াই লওক। এনে কৰিলে কলবোৰ কেইবাদিনো ৰখাৰ পিছত পচি নাযায়।

বৰষুণৰ দিনত পিয়াঁজ সুৰক্ষিত ৰখাটোও এটা সমস্যা। এই সমস্যা সমাধানৰ বাবে টিছু পেপাৰো ব্যৱহাৰ কৰিব পাৰে। আপুনি পিঁয়াজৰ চাৰিওফালে টিছু পেপাৰ মেৰিয়াই তাৰ ওপৰত অলপ পানী ছটিয়াই দিয়ে। ইয়াৰ পিছত টিছু পেপাৰৰ লগতে ফ্ৰীজত ৰাখিব। এনে কৰিলে আপোনাৰ পিয়াঁজ বহুদিন খাব পৰা হৈ থাকে।

বৰষুণৰ সময়ত ধনীয়া খুব কমেইহে পোৱা যায়। কিনি অনাৰ অলপ পিছতে ক’লা হৈ পৰে ধনীয়া। ধনীয়া সুৰক্ষিত ৰক্ষাটো এক প্ৰত্যাহ্বানমূলক কাম। আপুনি ধনীয়াৰ ঠাৰিডালত টিছু পেপাৰ মেৰিয়াই লওক আৰু তাৰ পিছত অলপ তিয়াই ল’ব তাৰ পিছত কাঁচৰ গিলাচ এটা লৈ ধনীয়াৰ টিছু পেপাৰৰ সৈতে তাত থিয় কৰাই ৰাখিব। এনেকে ৰাখিলে ধনীয়া পাত সতেজ সেউজীয়া হৈ থাকিব।

বাৰিষা কালত বিলাহী পাবলৈ টান। বৰ্তমান বিলাহী মূল্য দ্ৰুত গতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আপোনাৰ বহুমূলীয়া বিলাহীকেইটা যাতে পচি নাযায় তাৰ বাবে লওক বিশেষ ব্যৱস্থা। ইয়াৰ বাবে বিলাহীৰ সেউজীয়া অংশত (গছজোপাৰ পৰা ছিঙি অনা অংশ) টেপ লগাই ফ্ৰীজত ৰাখিব। এনে কৰিলে বিলাহী বহুদিনলৈকে সতেজ হৈ থাকে।

Leave A Reply