দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সংসদীয় ক্ষেত্ৰ বাৰানসীত সোমবাৰে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (PMASBY)ৰ ।দেশৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিবৰ্তনৰ লক্ষ্যৰে শুভাৰম্ভ কৰা এই যোজনাৰ আনুষ্ঠানিক আৰম্ভণিৰ এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ স্বাস্থ্য খণ্ডৰ লগত জড়িত লোক সকলে অনুষ্ঠানত অইলাইন যুগে অংশগ্ৰহণ কৰে । কালি সোমবাৰে দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত নিজ নিজ স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসক , বিষয়া কৰ্মচাৰী,স্বাস্থ্য কৰ্মী সকলে অংশ লয় । তোলাৰাম বাফনা অসামাৰিক চিকিৎসালয়ত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন কে ধৰি , যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ লগতে আন আন লোক সকল উপস্থিত থাকি এই কাৰ্য্যসূচী উপভোগ কৰে।

