Breaking

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘হৰ ঘৰ ত্ৰিৰংগা’কাৰ্যসূচী সফল কৰাৰ প্ৰয়াস প্ৰসাশনৰ …

0 85

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ চাৰিটা দিন । সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তুংগত উঠিছে প্ৰস্তুতি। কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আজি আমিনগাঁওৰ পৰা উলিওৱা হয় এক বৃহৎ মটৰ চাইকেল ৰেলী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ প্ৰয়াস জিলা খনৰ আৰক্ষীৰ।

আমিনগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা উত্তৰ গুৱাহাটী,বেজেৰা,মান্দাকাটা, বাইহাটা চাৰিআলি,চাংসাৰি,হাজো, শুৱালকুছিলৈ উলিওৱা মটৰ চাইকেল ৰেলীত জিলাখনৰ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান সকলে অংশ লয়।

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে মটৰ চাইকেল ৰেলী উদ্ধোধন কৰি ৰাজ্যবাসীক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায় ।

Leave A Reply