Breaking

কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ থকা ছিপাঝাৰ সমষ্টিৰ গণেশকুঁৱৰীত স্থাপন হ’ল “প্ৰাইম ষ্ট্ৰিম” নামৰ বিশুদ্ধ খোৱাপানীৰ উদ্যোগ

0 66

কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ থকা ছিপাঝাৰ সমষ্টিৰ গণেশকুঁৱৰীত স্থাপন হ’ল প্ৰাইম ষ্ট্ৰিম নামৰ বিশুদ্ধ খোৱাপানীৰ উদ্যোগ।

বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যমী ব্যক্তি আফটাজুল হকৰ ব্যক্তিগত প্ৰচেষ্টাত স্থাপন কৰা হয় “প্ৰাইম ষ্ট্ৰিম” নামৰ মিনাৰেল যুক্ত খোৱাপানী উৎপাদনৰ এই থলুৱা উদ্যোগটি।

দেওবাৰে প্ৰাইম ষ্ট্ৰিমৰ আনুষ্ঠানিক উদ্ঘাটন কৰে ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।

এই থলুৱা উদ্যোগটিয়ে দৰং-কামৰূপৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ কৰাৰ লগতে কিছু সংখ্যক স্থানীয় লোকৰ কৰ্মস্থানৰ পথ মুকলি কৰাৰ আশা দেখুৱাইছে।

Leave A Reply