Breaking

ব্যক্তিগত চিকিৎসালয়ৰ অতপালি; ভুল চিকিৎসাৰ বলি হৈ ৰোগী মৃত্যু হোৱাক লৈ উত্তপ্ত পৰিস্থিতি

0 125

যোৰহাটৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাৰ নামত চলিছে নেকি ভুল চিকিৎসা! অভিযোগ- অতিমাত্ৰা ধনৰ লোভৰ বাবেই একাংশ ব্যক্তিগত চিকিৎসালয়ৰ অতপালিয়ে চুড়ান্ত সীমা অতিক্ৰম কৰিছে।

এনে এখন চিকিৎসালয় হ’ল যোৰহাটৰ মাছৰহাটৰ ডা: অৰূপ কুমাৰ বৰুৱাৰ মালিকাধীন City Orthopadic Hospital। উক্ত চিকিৎসালয়খনত এগৰাকী ৰোগীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল এক অপ্ৰীতিকৰ পৰিৱেশ। অভিযোগ অনুসৰি 16 এপ্ৰিলত সামান্য ভৰিৰ অস্ত্ৰোপচাৰৰ বাবে পানীচকুৱা খঙিয়াৰ অনিমা বৰা নামৰ এগৰাকী মহিলাক City Orthopadic Hospital ভৰ্তি কৰোৱা হৈছিল।

দুৰ্ভাগ্যজনক ভাৱে ডাঃ অৰূপ বৰুৱাই কৰা অস্ত্ৰোপচাৰৰ অন্তত ঘৰৰ পৰাৰ সুস্থ অৱস্থাৰে চিকিৎসালয়লৈ অহা ৰোগী গৰাকীয়ে মৃত্যুক আকোৱালি ল’ব লগা হ’ল। ৰোগীৰ পৰিয়ালৰ মতে এয়া স্বাভাৱিক মৃত্যু নহয়।চিকিৎসকৰ ভুলৰ বাবে আৰু এনাচেচিয়া পৰিমাণ বেছি হোৱা বাবেই ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ।

আনহাতে ৰোগীৰ পৰিয়াল অভিযোগ সম্পূৰ্ণ ৰূপে অস্বীকাৰ কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে City Orthopadic Hospital নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্ৱেও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ পিছতো আজিকোপতি চিকিৎসালয়খনৰ কতৃপক্ষৰ স্বভাৱ সলনি ন’হল।

তাৎপর্যপূর্ণ যে সময় থাকোতেই যদি এনেবোৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰশাসন যন্ত্ৰ যদি কঠোৰ নহয় তেতিয়া হলে অনাগত সময়ত এইসমূহ অতপালি পুনৰ বৃদ্ধি পাব বুলি সচেতন লোক সকলে মত প্ৰকাশ কৰিছে।

Leave A Reply