ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি কোন? চোৰাংচোৱা গোচৰত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ সৈতে কি সংযোগ প্ৰিয়ংকাৰ।(Priyanka and jyoti) চোৰাংচোৱাগিৰিৰ গোচৰত জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে আন এগৰাকী ইউটিউবাৰৰ নাম। যাৰ নাম প্ৰিয়ংকা সেনাপতি। পুৰীৰ ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি বৰ্তমান বাতৰিৰ শিৰোনাম। কাৰণ জ্যোতি মালহোত্ৰাৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক। এতিয়া তদন্তৰ চকু প্ৰিয়ংকাকো। প্ৰিয়ংকা সেনাপতি কোন আৰু জ্যোতিৰ লগত তেওঁৰ কি সম্পৰ্ক জানো আহক।
পাকিস্তানী বিষয়াৰ সৈতে সম্পৰ্ক থকা আৰু ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগৰ পিছত গ্ৰেপ্তাৰ হৈছে ইউটিউবাৰ জ্যোতি মালহোত্ৰা। এতিয়া জ্যোতিৰ লগত জড়িত বহু লোক আৰক্ষীৰ আওতাত। তাৰ ভিতৰত এটা নাম হৈছে ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি। প্ৰিয়ংকা ভ্ৰমণৰ ভিডিঅ’ৰ বাবেও বিখ্যাত। ইউটিউবত তেওঁৰ ভ্ৰমণ সম্পৰ্কীয় ভিডিঅ’ও শ্বেয়াৰ কৰে।
এক প্ৰতিবেদন অনুসৰি ওড়িশাৰ ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি তদন্তৰ আওতালৈ আহিছে, কোৱা হৈছে যে প্ৰিয়ংকা সেনাপতিৰ জ্যোতি মালহোত্ৰাৰ সৈতে সম্পৰ্ক আছিল। এতিয়া এই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
প্ৰিয়ংকা সেনাপতি ওড়িশাৰ পুৰিৰ বাসিন্দা। তেওঁ এগৰাকী কন্টেন্ট ক্ৰিয়েটৰ। তেওঁৰ ইউটিউব চেনেল ‘Prii_vlogs’ৰ ইনষ্টাগ্ৰামত ১৪,৬০০ চাবস্ক্ৰাইবাৰ আৰু ২০,০০০ ফ’ল’ৱাৰ আছে। তেওঁ বেছিভাগেই ওড়িশা আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ভ্ৰমণ ভিডিঅ’ নিৰ্মাণ কৰে। ২৫ মাৰ্চত তেওঁ নিজৰ চেনেলত “পাকিস্তানৰ ওডিয়া গাৰ্ল , কাৰ্টাৰপুৰ কৰিডৰ গাইড , ওডিয়া ভিলগ” শীৰ্ষক এটা ভিডিঅ’ পোষ্ট কৰিছিল। ইয়াত তেওঁ কৰতাৰপুৰ ভ্ৰমণৰ কথাও কৈছিল।
জ্যোতি মালহোত্ৰা যেতিয়া পুৰীলৈ আহিছিল, তেতিয়া প্ৰিয়ংকাই তাইক জগন্নাথ মন্দিৰলৈ লৈ গৈছিল। জ্যোতিৰ কোনো সন্দেহজনক ব্যক্তিৰ সৈতে যোগাযোগ আছে নেকি বুলি এতিয়া পুৰিত জ্যোতিৰ কাৰ্যকলাপৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বৰ্তমান প্ৰিয়ংকা ঘৰত আছে আৰু এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। তেওঁৰ পিতৃ ৰাজকীশোৰ সেনাপতিয়ে কয়, “আমি একো নাজানিছিলো। শেহতীয়াকৈ পোহৰলৈ আহিছে যে জ্যোতিক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মোৰ ছোৱালীজনী ইউটিউবাৰ আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পুৰীত জ্যোতিক লগ পাইছিল। আমাৰ ঘৰলৈ জ্যোতি অহা নাছিল।” লগতে তেওঁ কয় যে প্ৰিয়ংকা আন এজন ব্যক্তিৰ সৈতে কৰতাৰপুৰলৈ গৈছিল আৰু তাইৰ হাতত সকলো নথি-পত্ৰ আছে। তেওঁ এজন ছাত্ৰ আৰু জ্যোতিৰ কাম-কাজৰ বিষয়ে কোনো ধাৰণা নাছিল। এতিয়াও তদন্ত অব্যাহত আছে আৰু প্ৰিয়ংকাৰ পৰিয়ালে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
প্ৰিয়ংকা সেনাপতিয়ে কয় যে তিনি-চাৰি মাহ পূৰ্বে পাকিস্তানৰ কৰতাৰপুৰ ভ্ৰমণৰ সময়ত জ্যোতিক লগ পাইছিল। এই গোচৰত পুৰিৰ আৰক্ষী অধীক্ষক বিনীত আগৰৱালাই কয় যে প্ৰিয়ংকাৰ সৈতে সকলো কোণৰ পৰা তদন্ত চলি আছে আৰু সংস্থাসমূহে জ্যোতিৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু তেওঁৰ কৰতাৰপুৰ কৰিডৰ ভ্ৰমণৰ তদন্ত কৰি আছে।
পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ জ্যোতি মালহোত্ৰাৰ। হাৰিয়ানাৰ ঘৰৰ ইউটিউব চেনেলত ৩.৭৭ লাখ ছাবস্ক্ৰাইবাৰ আৰু ইনষ্টাগ্ৰামত ১.৩৩ লাখ ফ’ল’ৱাৰ আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে জ্যোতিয়ে দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তৰ এজন কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰি স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰিছিল। ১৩ মে’ত সেই পাকিস্তানী বিষয়াক ভাৰতে বহিষ্কাৰ কৰে। ইয়াৰ পিছত জ্যোতি মালহোত্ৰাৰ সৈতে সম্পৰ্ক থকা সকলোকে এতিয়া আৰক্ষীয়ে তদন্তত ৰাখিছে।
জ্যোতিক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰিয়ংকা সেনাপতিয়ে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, “জ্যোতি কেৱল মোৰ বন্ধু আছিল আৰু মই ইউটিউবৰ জৰিয়তে তেওঁৰ সংস্পৰ্শলৈ আহিছিলো। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা কোনো কথাৰ বিষয়ে মই অৱগত নাছিলো। যদি মই জানিলোহেঁতেন যে তেওঁ শত্ৰু পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰিছে, তেন্তে মই তেওঁৰ সৈতে যোগাযোগ নাথাকিলোহেঁতেন।” “যদি কোনো তদন্তকাৰী সংস্থাই মোক প্ৰশ্ন কৰিব বিচাৰে তেন্তে মই সম্পূৰ্ণ সহযোগিতা কৰিম। জাতি সৰ্বোচ্চ। জয় হিন্দ।”